ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত, স্বাস্থ্য সেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ আৰম্ভ হ’ব। ধুবুৰী জিলাৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে অভিযান কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ টীকাকৰণ অভিযান চলিব। ১৫ বছৰ ঊৰ্ধৰ সকলো নাগৰিকক বিনামূলীয়াকৈ টীকাকৰণ কৰা হ’ব। ধুবুৰীত জিলাত মুঠ ২৭৩টা দলে ৮ লাখ ৭৯ হাজাৰ ৭৫২ জন লোকক টীকাকৰণ কৰাৰ লক্ষ্য লৈছে। ইপিনে শ্রীভূমি জিলাতো কাইলৈ ১৫ বছৰৰ পৰা ৬৫ বছৰৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিছৰ বিনামূলীয়া টীকাকৰণ কৰা হ’ব।
Assamese | January 7, 2026 8:55 PM | encephelaitis
ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ