January 9, 2026 1:50 PM

views 24

জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্রতিষেধক প্রদান

জাপানিজ এনকেফেলাইটিছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন ঠাইত প্রতিষেধক প্রদান কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ধুবুৰী জিলাত প্রাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানিজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰদান কৰি থকা হৈছে। ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সহকাৰী সঞ্চালক ডাঃ সবিতা দাস আৰু অতিৰিক্ত আয়ুক্ত পিনজ্যোতি নাথে কালি প্ৰতিষেধক প্ৰদান কাৰ্যসূচী শুভাৰম্ভ কৰে। জিলাখনৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে ২১ জানুৱাৰীলৈ চলিবলগীয়া এই অভিযানৰ অধীনত ...

January 7, 2026 8:55 PM

views 23

ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ অধীনত, স্বাস্থ্য সেৱা আৰু পৰিয়াল কল্যাণ বিভাগৰ উদ্যোগত ধুবুৰী জিলাত কাইলৈ প্ৰাপ্তবয়স্কসকলৰ বাবে বিনামূলীয়াকৈ জাপানীজ এনকেফেলাইটিছৰ টীকাকৰণ আৰম্ভ হ'ব। ধুবুৰী জিলাৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে অভিযান কাইলৈৰ পৰা ২১ জানুৱাৰীলৈ টীকাকৰণ অভিযান চলিব। ১৫ বছৰ ঊৰ্ধৰ সকলো নাগৰিকক বিনামূলীয়াকৈ টীকাকৰণ কৰা হ'ব। ধুবুৰীত জিলাত মুঠ ২৭৩টা দলে ৮ লাখ ৭৯ হাজাৰ ৭৫২ জন লোকক টীকাকৰণ কৰাৰ লক্ষ্য লৈছে। ইপিনে শ্রীভূমি জিলাতো কাইলৈ ১৫ বছৰৰ পৰা ৬৫ বছৰৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইট...