আঞ্চলিক সংবাদ

May 21, 2024 11:51 AM

views 43

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’লৈকে ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই টিকটবিহীন যাত্ৰীৰ বিৰুদ্ধে নিয়মীয়াকৈ অভিযান চলাই বিশেষ সফলতা অর্জন কৰিছে। চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’ লৈকে এনে অভিযানত ১০ কোটি ৬৫ লাখ টকা সংগ্ৰহ কৰা হৈছে৷ যোৱা বছৰৰ এপ্ৰিলৰ পৰা এইবছৰৰ মাৰ্চলৈ চলোৱা অভিযানত টিকট অবিহনে যাত্ৰা কৰা ৭ লাখ ৯৩ হাজাৰ ১৭০ গৰাকী লোকক ...

May 21, 2024 11:48 AM

views 37

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস; ৰাজ্যৰ ভিন্ন স্থানত কাৰ্যসূচীৰ আয়োজন

আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। এই দিৱস উপলক্ষে অসমৰ ভিন্ন স্থানত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ২০০ বছৰীয়া অসমৰ চাহ শিল্পই ৰাজ্যখনৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰাৰ লগতে বহু লোকক সংস্থাপিত কৰি আহিছে। অসমৰ বহু সংখ্যক খেতিয়ক চাহ উদ্যোগৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈ আছে।

May 21, 2024 11:46 AM

views 35

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক (মূল) পৰীক্ষাৰ সূচী ঘোষণা কৰিছে। সেই অনুসৰি অহা ২৬, ২৭ আৰু ২৮ জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব। আয়োগে প্ৰকাশ কৰা সূচী অনুসৰি ২৬ জুলাইৰ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ প্ৰথম প্ৰশ্নকাকত ৰচনাৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইদিনাই বিয়লি ডেৰ বজাৰপৰা চাৰে ৪ ব...

May 20, 2024 8:50 PM

views 43

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক লৈ কঠোৰ-অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ পত্ৰ কংগ্ৰেছ নেতা পৱন খেৰাৰ

জ্যেষ্ঠ কংগ্ৰেছ নেতা পৱন খেৰাই আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীক লৈ কঠোৰ আৰু অশোভনীয় মন্তব্য কৰা বুলি অভিযোগ তুলি মুখ্যমন্ত্ৰীগৰাকীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত নেতাগৰাকীয়ে বিজেপি নেতা তথা মুখ্যমন্ত্ৰী শৰ্মাৰ ৰাজহুৱা অনুষ্ঠানত সংবিধান সন্দৰ্ভত কৰা মন্তব্যই...

May 20, 2024 8:49 PM

views 29

অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতীৰ পদক জয়

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত প্রতিভাসম্পন্ন যুৱক-যুৱতীসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশ...

May 20, 2024 8:46 PM

views 48

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ টিকটবিহীন যাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা ১৯ মে’পৰ্যন্ত ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ

উত্তৰ-পূব সীমান্ত ৰে’লৱেই টিকটবিহীনভাৱে যাত্ৰা কৰা যাত্ৰীসকলক চিনাক্ত কৰি প্ৰকৃত যাত্ৰীসকলৰ যাত্ৰা সূচল কৰি তুলিবলৈ চলিত বিত্তীয় বৰ্ষৰ ১ এপ্ৰিলৰ পৰা কালিপর্যন্ত অভিযান চলাই ১০ কোটি ৬৫ লাখৰো অধিক টকা সংগ্ৰহ কৰিছে। আনহাতে যোৱা বছৰৰ এপ্ৰিলৰ পৰা চলিত বছৰৰ মাৰ্চপর্যন্ত চলোৱা অভিযানত টিকটবিহীনভাৱে ভ্ৰমণ ...

May 20, 2024 8:43 PM

views 42

কাঁ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথি মহন্ত পৰিচালিত চলচ্চিত্ৰ ‘লাচিত দা ৱাৰিয়ৰ’ প্ৰদৰ্শিত

কাঁ চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থ সাৰথি মহন্ত পৰিচালিত লাচিত দা ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে। ১৪ মে’ৰ পৰা চলি থকা এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাহিৰেও অন্যান্য শাখাসমূহত ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। যোৱা ১৮ মে’ত লাচিত দা ৱাৰিয়ৰ চলিচ্চিত্ৰখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ প্ৰ...

May 20, 2024 8:41 PM

views 29

গোলাঘাটৰ বোকাখাতত ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ

গোলাঘাট জিলাৰ বোকাখাতত অহা ২৩ মে’ৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হ'ব। বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ লক্ষ্যৰে জ্ঞান-বিজ্ঞান সমিতি অসমৰ উদ্যোগত এই সমাৰোহৰ আয়োজন কৰা হৈছে। শিশুৰ শাৰীৰিক-মানসিক, বৌদ্ধিক সৃজনীশীলতা, সামাজিক, সামূহিক কাম কৰাৰ কৌশল বিকাশ কৰাৰ উদ্দেশ্যেৰে প্ৰতি ব...

May 20, 2024 8:39 PM

views 34

গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক

গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আজি দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বাবে নিযুক্ত অগপৰ পৰ্যৱেক্ষকসকল উপস্থিত থাকে। শেহতীয়া নিৰ্বাচনী কার্যকলাপৰ সৈতে জড়িত বিভিন্ন দিশ পর্যালোচনা কৰা লগতে ব...

May 20, 2024 8:38 PM

views 72

ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা-বৰষুণ, বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ৰাজহুৱা সম্পত্তিৰ বিস্তৰ ক্ষতি

ৰাজ্যৰ ভিন্ন প্ৰান্তত যোৱানিশা হোৱা ধুমুহা, বৰষুণ আৰু বজ্ৰপাতত কেইবাটাও পৰিয়াল গৃহহীন হোৱাৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান আৰু ৰাজহুৱা সা-সম্পত্তিৰ বিস্তৰ ক্ষতি হৈছে। ধুমুহাৰ ফলত ঠায়ে ঠায়ে প্ৰকাণ্ড গছ বাগৰি পৰাত বিদ্যুৎ সেৱা আৰু যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। নলবাৰীৰ মুগকুছি এলেঙ্গীদলৰ শংকৰ আজান ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।