কাঁ চলচ্চিত্ৰ মহোৎসৱত এইবাৰ অসমৰ পাৰ্থ সাৰথি মহন্ত পৰিচালিত লাচিত দা ৱাৰিয়ৰ নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শিত হৈছে। ১৪ মে’ৰ পৰা চলি থকা এই মহোৎসৱৰ প্ৰতিযোগিতা শাখাৰ বাহিৰেও অন্যান্য শাখাসমূহত ভাৰতীয় চলচ্চিত্ৰ প্ৰদৰ্শিত হৈছে। যোৱা ১৮ মে’ত লাচিত দা ৱাৰিয়ৰ চলিচ্চিত্ৰখন বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ প্ৰেমীয়ে উপভোগ কৰে। পাৰ্থ সাৰথি মহন্তৰ কাহিনী আৰু পৰিচালনা আৰু মীনা মহন্ত তথা ইন্দ্ৰাণী বৰুৱাৰ প্ৰযোজনাৰে এই চলচ্চিত্ৰখন মহাবীৰ লাচিতৰ জীৱন আৰু কৰ্ম সন্দৰ্ভত নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনত বীৰগৰাকীৰ নৈপুণ্য, অতুলনীয় শৌৰ্য আৰু গভীৰ দেশপ্ৰেমক প্ৰতিফলিত কৰা হৈছে।
Assamese | May 20, 2024 8:43 PM | CANNES FILM FESTIVAL
কাঁ চলচ্চিত্ৰ মহোৎসৱত পাৰ্থ সাৰথি মহন্ত পৰিচালিত চলচ্চিত্ৰ ‘লাচিত দা ৱাৰিয়ৰ’ প্ৰদৰ্শিত