আঞ্চলিক সংবাদ

May 23, 2024 1:13 PM

views 41

গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান

খাদ্য সুৰক্ষা বিভাগে কালি গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচী বজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি...

May 23, 2024 1:11 PM

views 35

গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি জিলা প্ৰশাসনৰ

ৰাজ্যখনত বিগত কিছুদিন ধৰি অব্যাহত থকা গ্রীষ্ম প্রবাহৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলা প্রশাসনে ছাত্র- ছাত্ৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যে বিদ্যালয়ৰ পাঠদানৰ সময় কিছু সাল-সলনি কৰাৰ বাবে কৰ্তৃপক্ষসমূহলৈ নিৰ্দেশ জাৰি কৰিছে। গোলাঘাট জিলা প্রশাসনে অহা শনিবাৰৰ পৰা জিলাখনৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰ...

May 23, 2024 12:38 PM

views 28

পশ্চিমবংগত ২০১০ চনৰ পাছৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্র বাতিল

কলকাতা উচ্চ ন্যায়ালয়ে ২০১০ চনৰ পাছত পশ্চিমবংগ চৰকাৰে প্ৰদান কৰা অন্যান্য পিছপৰা শ্ৰেণীৰ সকলো প্ৰমাণ-পত্র বাতিল কৰিছে। ন্যায়াধীশ তপোব্রতা চক্ৰৱৰ্ত্তী আৰু ন্যায়াধীশ ৰাজশেখৰ মন্থাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি এই ৰায় প্ৰদান কৰে। এই ন্যায়ৰ ফলত অন্যান্য পিছপৰা শ্ৰেণীৰ ৫ লাখ প্ৰমাণ-পত্র বাতিল হ'ব...

May 22, 2024 8:30 PM

views 57

দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ১ জুনত সপ্তম পৰ্যায়ত ভোটগ্ৰহণ

সপ্তম পৰ্যায়ত অহা ১ জুনত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ত মুঠ ১০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই পৰ্যায়ৰ বাবে দুহেজাৰ ১০৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পাঞ্জাবত সৰ্বাধিক ৫৯৮ ...

May 22, 2024 8:27 PM

views 32

ৰাজ্যৰ ১৪টা সমষ্টিৰ বাবে ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি আৰম্ভ

অহা ৪ জুনত দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ ১৪টা সমষ্টিৰ বাবে হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্ৰশাসনসমূহে প্ৰস্তুতি আৰম্ভ কৰিছে। বিভিন্ন জিলাত ভোটগণনা কাৰ্যৰ বাবে প্ৰশাসনে প্ৰস্তুতিৰ বুজ ল'বলৈ বৈঠকত মিলিত হৈছে। দক্ষিণ শালমাৰা, মানকাচৰ জিলাৰ হাটশিঙিমাৰীত ভোটগণনাকাৰী বিষয়াসকলৰ পৰা প্ৰথম ...

May 22, 2024 8:25 PM

views 29

আকাশবাণী গুৱাহাটীত ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে...

May 22, 2024 8:24 PM

views 28

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টি সন্দৰ্ভত সভা

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত জিলা প্রশাসন, তথ্য আৰু জনসংযোগ, জলসিঞ্চন, নগৰ উন্নয়ন, কৃষি, মীন বিভাগ আদিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই ...

May 22, 2024 8:22 PM

views 24

বোকাখাতৰ কৃষকৰ ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ

গোলাঘাট জিলাৰ বোকাখাতৰ কৃষকসকলে চলিত বছৰত ৫ কোটি ২৪ লাখ টকাৰ ৰঙালাও বহিঃৰাজ্যৰ বজাৰলৈ প্ৰেৰণ কৰিছে। বিগত বছৰত বোকাখাতৰ কৃষকসকলে ২ কোটি টকা মূল্যৰ ৰঙালাও প্ৰেৰণ কৰিবলৈ সমৰ্থ হৈছিল। কৃষিমন্ত্ৰী অতুল বৰাৰ তত্ত্বাৱধানত ৰাজ্যৰ কৃষি বিভাগে এই কৃষকসকলৰ দ্বাৰা উৎপাদন কৰা ৰঙালাও বহিঃৰাজ্যলৈ প্ৰেৰণ কাৰ্যৰ শুভ...

May 22, 2024 8:20 PM

views 38

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ সামৰণি

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত কেঁচুসাৰ আৰু গোটা আৱৰ্জনা ব্যৱস্থাপনা সম্পৰ্কীয় কৰ্মশালাৰ আজি সামৰণি পৰিছে। মহাবিদ্যালয়খনৰ পৰিৱেশ কোষৰ উদ্যোগত আয়োজিত এই দুদিনীয়া কৰ্মশালাত পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ আৰু বহনক্ষম উন্নয়ন, প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, কেঁচুসাৰ প্ৰস্তুতকৰণ, গোটা আৱৰ্জনা ব্যৱস্থাপনা আ...

May 22, 2024 8:19 PM

views 30

গুৱাহাটীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান খাদ্য সুৰক্ষা বিভাগৰ অভিযান, আমৰ নমুনা সংগ্ৰহ

খাদ্য সুৰক্ষা বিভাগে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কাৰ্বাইডযুক্ত ফলৰ বিৰুদ্ধে অভিযান চলায়। জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়াৰ নেতৃত্বত এটা দলে কৃত্ৰিমভাৱে পকোৱা আম বিচাৰি ফাঁচীবজাৰৰ প্ৰায় প্ৰতিখন ফলৰ দোকানত অভিযান চলায়। এই অভিযানত কাৰ্বাইড ব্যৱহাৰ কৰা প্ৰায় এক কুইণ্টল আম দলটোৱে নষ্ট কৰে। তদুপৰি দল...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।