আঞ্চলিক সংবাদ

May 25, 2024 12:07 PM

views 49

আজিৰ দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তা অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস...

May 25, 2024 12:03 PM

views 36

ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তি অহা ২৭ মে’ত সমর্থ প’ৰ্টেলৰ জৰিয়তে আৰম্ভ

ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ অধীনৰ স্নাতক আৰু স্নাতকোত্তৰ নামভৰ্তি অহা ২৭ মে'ত সমর্থ প'ৰ্টেলৰ জৰিয়তে আৰম্ভ হ'ব। এই সন্দৰ্ভত ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে অধিসূচনা জাৰি কৰিছে। ইয়াৰ অধীনত ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰম, ৫ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব...

May 25, 2024 11:54 AM

views 26

প্রচণ্ড গৰমৰ বাবে অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ত পাঠদানৰ সময়সূচী সাল-সলনি

প্রচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু মধ্...

May 24, 2024 8:51 PM

views 32

ৰাজ্যজুৰি মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ ২২২ সংখ্যক তিৰোভাৱ তিথি পালন

মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ আজি ২২২ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা বার্তাত অদম্য সাহস, কর্তব্যনিষ্ঠা আৰু বীৰত্বৰ প্ৰতীক মটক ৰজাগৰাকীৰ কৰ্মস্পৃহা আৰু দূৰদৰ্শী নেতৃত্ব তথা চিন্তাধাৰাৰে জাতীয় জীৱনৰ কল্যাণ আৰু উন্নয়নৰ হক...

May 24, 2024 12:04 PM

views 46

উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ

উত্তৰ-পূব সীমান্ত ৰে'লৱেই ক্ৰীড়া কোটাৰ অধীনত পুৰুষ আৰু মহিলাৰ ২৪টা পদৰ বাবে নিযুক্তিৰ অধিসূচনা প্রকাশ কৰিছে। ভাৰতীয় নাগৰিক আৰু যোগ্যতাৰ সকলো মাপকাঠি পূৰ্ণ কৰা ক্ৰীড়া ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলে এই আবেদন দাখিল কৰিব পাৰিব। এই নিযুক্তি লেবেল একৰ পৰা পঞ্চমলৈকে বিভিন্ন পদৰ বাবে হ'ব। পদসমূহৰ বাবে আ...

May 24, 2024 11:49 AM

views 46

ওড়িশাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব’-জনসভাৰে প্ৰচাৰ অব্যাহত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ওড়িশাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। কালি তেওঁ ৰাজ্যখনত এটা বিশাল ৰোড শ্ব’ত অংশগ্ৰহণ কৰা লগতে দুখন জনসভাক সম্বোধন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেওঁঝাৰ, কটক লোকসভা সমষ্টিৰ এন ডি এৰ প্ৰাৰ্থী মোহন চৰণ মাঝি, প্ৰকাশ চন্দ্ৰ শেঠী তথা আনন্দপুৰ, বাৰম...

May 24, 2024 11:42 AM

views 33

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি, ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰ আয়োজন

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি। এই উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহত বিভিন্ন কাৰ্যসূচীৰে দিনটো পালনৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য একশৰণ নামধৰ্মৰ প্ৰচাৰক, নিজৰ সৃষ্টিৰাজিৰে অসমৰ সমাজ জীৱনত অভূতপূৰ্ব সংস্কাৰ সাধন কৰা মাধৱদেৱৰ আবিৰ্ভাৱ তিথিৰ সৈতে সংগতি ৰাখি অসম একশৰণ...

May 24, 2024 11:34 AM

views 47

গুৱাহাটীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি, আজি ৰাজ্যৰ ভিন্ন ঠাইত বৰষুণৰ সম্ভাৱনা

গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যখনৰ অধিকাংশ জিলাত গ্রীষ্মৰ প্ৰকোপ বৃদ্ধি হোৱাত জনজীৱনৰ দৈনন্দিন কাম-কাজ প্রায় কষ্টসাধ্য হৈ পৰা পৰিলক্ষিত হৈছে। ঠাই বিশেষে তাপমাত্রা ৩৮ ডিগ্রী চেলছিয়াছ অতিক্ৰম কৰিছে। মাত্ৰাধিক গৰমৰ ফলত হোৱা বিভিন্ন ৰোগত বহু লোক আক্ৰান্ত হৈছে। বিশেষকৈ পঢ়াশলীয়া ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক ...

May 24, 2024 11:32 AM

views 46

মুনীন বৰকটকী সাহিত্য বঁটাৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ-পাণ্ডুলিপি আহ্বান

মুনীন বৰকটকী সাহিত্য বঁটাৰ ২০২৪ বৰ্ষৰ বাবে অসমীয়া ভাষাৰ লেখক-লেখিকাৰ পৰা গ্ৰন্থ আৰু পাণ্ডুলিপি আহ্বান কৰা হৈছে। ৪০ বছৰৰ অনূৰ্ধ্বৰ লেখক-লেখিকাসকলে এই বঁটাৰ বাবে অহা ৩১ জুলাইৰ ভিতৰত গ্ৰন্থ আৰু পাণ্ডুলিপি প্ৰেৰণ কৰিব পাৰিব। উল্লেখযোগ্য যে সাহিত্যিক, সমালোচক, সাংবাদিক প্রয়াত মুনীন বৰকটকীৰ স্মৃতিত মুনী...

May 24, 2024 11:30 AM

views 32

আকাশবাণী গুৱাহাটীত অহা ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।