আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতিত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ’ব। অনুষ্ঠানটো পুৱা ৯ বাজি ১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRNEWS_GHY যোগে পোনপটীয়াকৈ প্ৰচাৰ কৰা হ’ব।
Assamese | May 24, 2024 11:30 AM | AIR guwahati janadesh
আকাশবাণী গুৱাহাটীত অহা ৪ জুনত আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান