May 25, 2024 11:54 AM

printer

প্রচণ্ড গৰমৰ বাবে অসমৰ কেইবাখনো জিলাৰ বিদ্যালয়ত পাঠদানৰ সময়সূচী সাল-সলনি

প্রচণ্ড গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সাল-সলনি কৰা হৈছে। বঙাইগাঁও, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি বঙাইগাঁও জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১০ বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা ১১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে জিলাখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ লগতে বিদ্যালয়সমূহত মুকলি আকাশৰ তলত খেলা-ধূলা আৰু প্ৰাতঃ সভা আদি নকৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। ইপিনে, কাৰ্বি আংলং জিলাৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ মাধ্যমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৮ বজাৰ পৰা দুপৰীয়া ডেৰ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া চাৰে ১২ বজালৈ, উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ পাঠদানৰ সময় পুৱা চাৰে ৭ বজাৰ পৰা দুপৰীয়া ১ বজালৈ নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পর্যাপ্ত শীতল খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। গ্রীষ্ম প্রবাহৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষাৰ্থীক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে।