সপ্তম পৰ্যায়ত অহা ১ জুনত দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই পৰ্যায়ত মুঠ ১০৪ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই পৰ্যায়ৰ বাবে দুহেজাৰ ১০৫ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল। পাঞ্জাবত সৰ্বাধিক ৫৯৮ খন মনোনয়ন ১৩ টা সমষ্টিৰ বাবে দাখিল কৰা হৈছিল। আনহাতে, উত্তৰ প্ৰদেশত ১৩ টা সমষ্টিৰ বাবে ৪৯৫ খন মনোনয়ন দাখিল হৈছিল। সপ্তম তথা অন্তিম পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ ১৩ খনকৈ আসনৰ লগতে পশ্চিমবংগৰ ৯খন, বিহাৰৰ ৮, ওড়িশাৰ ৬, হিমাচল প্ৰদেশৰ ৪, ঝাৰখণ্ডৰ ৩ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডীগড়ৰ এখন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। অহা ৪ জুনত ভোটগণনা অনুষ্ঠিত হ’ব।
Assamese | May 22, 2024 8:30 PM | ECI LOKSABHA ELECTION
দেশৰ ৮খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭টা সংসদীয় সমষ্টিৰ বাবে ১ জুনত সপ্তম পৰ্যায়ত ভোটগ্ৰহণ