মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ দক্ষতা বিকাশৰ দিশত প্রতিভাসম্পন্ন যুৱক-যুৱতীসকলে অত্যাধুনিক প্রশিক্ষণ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্ট প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। শেহতীয়াকৈ অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতা, ২০২৪-ত অংশগ্রহণ কৰি ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতীয়ে শ্রেষ্ঠত্ব প্ৰদৰ্শনেৰে গৌৰৱ কঢ়িয়াই আনিছে। এই প্ৰতিযোগিতাৰ বিউটী থেৰাপি শাখাত স্বর্ণ জয় কৰি প্ৰীতিশা বৰ্মনে ফ্ৰান্সৰ লায়নত হ’বলগীয়া ৱ’ৰ্ল্ড স্কীল্ছ, ২০২৪ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। একেদৰে নিজ নিজ দক্ষতা ক্ষেত্ৰত শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি এই প্ৰতিযোগিতাত অসমৰ আন ৪ গৰাকী যুৱ প্ৰতিভা মৃদুস্মিতা, দ্বৈপায়ন, যদুমণি আৰু সুশীলা লাক্রাই পদক জয় কৰিবলৈ সমৰ্থ হৈছে।
Assamese | May 20, 2024 8:49 PM | Skill development
অসম দক্ষতা বিকাশ অভিযানৰ অধীনত ভাৰত দক্ষতা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৰাজ্যৰ কেইবাগৰাকীও যুৱক-যুৱতীৰ পদক জয়