গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত আজি দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ লগতে ৰাজ্যৰ বিভিন্ন সংসদীয় সমষ্টিৰ বাবে নিযুক্ত অগপৰ পৰ্যৱেক্ষকসকল উপস্থিত থাকে। শেহতীয়া নিৰ্বাচনী কার্যকলাপৰ সৈতে জড়িত বিভিন্ন দিশ পর্যালোচনা কৰা লগতে বৈঠকত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত ল’বলগীয়া ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰা হয়। সংসদীয় সমষ্টি আৰু বিধানসভা সমষ্টিসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ পৰা বৈঠকত প্রতিবেদন গ্ৰহণ কৰা হয়। ইয়াৰ লগতে লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলক লৈও বৈঠকত পর্যালোচনা কৰা হয়।
Assamese | May 20, 2024 8:39 PM | agp meeting guwahati
গুৱাহাটীৰ অগপৰ মুখ্য কাৰ্যালয়ত দলৰ কেন্দ্ৰীয় বর্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক