আন্তৰ্জাতিক সংবাদ

November 17, 2024 7:01 PM

views 64

শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ

শ্ৰীলংকাত কাইলৈ নতুন মন্ত্ৰীসভাৰ শপত গ্রহণ অনুষ্ঠিত হ'ব। স্থানীয় সংবাদ মাধ্যমৰ পৰা প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে প্ৰতিৰক্ষা আৰু বিত্ত বিভাগ নিজৰ হাতত ৰাখি ২৩ জনীয়া সদস্যৰে নতুন মন্ত্রীসভা নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ড০ হৰিণী অমৰাসূৰ্য্যাক পু...

November 17, 2024 11:52 AM

views 46

দক্ষিন আমেৰিকাৰ দেশ চুৰিনামলৈ ভাৰতৰ প্ৰায় ৪২৫ মেট্রিক টন খাদ্য শস্য আৰু অন্যান্য খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ প্ৰেৰণ

ভাৰতে দক্ষিন আমেৰিকাৰ দেশ চুৰিনামলৈ প্ৰায় ৪২৫ মেট্রিক টন খাদ্য শস্য আৰু অন্যান্য খাদ্য সামগ্ৰীৰ প্ৰথমটো খেপ প্ৰেৰণ কৰিছে। ভাৰতৰ সমাজ কল্যাণ কাৰ্যসূচীৰ অধীনত এই এই খাদ্যশস্য প্রেৰণ কৰা হৈছে। উল্লেখ্য ভাৰতে, চুৰিনামৰ সৈতে দীৰ্ঘদিনৰ পৰাই ঘনিষ্ঠ আৰু বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে।, ১৯৭৬ চনত ভাৰত...

November 17, 2024 11:04 AM

views 39

দুদিনীয়া ভ্রমণসূচীৰে নাইজেৰিয়াত উপস্থিত  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা নাইজেৰিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আবুজাত নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি বোলা আহমেদ তিনুবুৰ সৈতে আলোচনাত মিলিত হ'ব। বিগত ১৭ বছৰত ভাৰতীয় প্রধানমন্ত্রী হিচাপে প্রথম নাইজেৰিয়া ভ্ৰমণ কৰা শ্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি তিনুবুৰ সৈতে দুয়োখন দেশৰ মাজৰ কৌশলগত ...

November 14, 2024 8:54 PM

views 57

বাংলাদেশৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ

বাংলাদেশৰ মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে দেশখনৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা কৰিছে। বাংলাদেশৰ সংবিধানৰ পঞ্চদশ সংশোধনী বাতিল কৰাৰ ঔচিত্য সন্দৰ্ভত হোৱা শুনানিৰ সময়ত ঢাকা উচ্চ ন্যায়ালয়ত দেশৰখনৰ এটর্নি জেনেৰেল মহম্মদ আছাদুজ্জামানে ৯০ শতাংশ মুছলমানপ্রধান দেশখ...

November 14, 2024 12:46 PM

views 35

দক্ষিণ প্রশান্ত মহাসাগৰৰ ছ’ল’মন দ্বীপপুঞ্জৰ সমীপত বিজ্ঞানীসকলে বিশ্বৰ সৰ্ববৃহৎ প্রবাল আৱিষ্কাৰ কৰিছে

দক্ষিণ প্রশান্ত মহাসাগৰৰ ছ’ল’মন দ্বীপপুঞ্জৰ সমীপত বিজ্ঞানীসকলে বিশ্বৰ সৰ্ববৃহৎ প্রবাল আৱিষ্কাৰ কৰিছে। এখন ফুটবল পথাৰৰ সমান আয়তনৰ এই বৃহৎ প্রবাল ডোখৰৰ বয়স তিনিশ বছৰৰো অধিক বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। বিভিন্ন ক্ষুদ্র ক্ষুদ্র প্রবালৰ সমষ্টি এই বৃহৎ প্রবাল খণ্ডটো এই বছৰ অক্টোবৰ মাহত চলোৱা এটা অভিযান...

November 14, 2024 12:34 PM

views 30

ব্ৰিটিছ উপন্যাসিক ছামান্থা হার্ভেলৈ সন্মানীয় বুকাৰ বঁটা

ব্ৰিটিছ উপন্যাসিক ছামান্থা হার্ভেলৈ এই বছৰৰ সন্মানীয় বুকাৰ বঁটা আগবঢ়োৱা হৈছে। মহাকাশচাৰীৰ কক্ষপথত এদিনৰ অভিজ্ঞতাক লৈ ৰচনা কৰা বৈজ্ঞানিক কল্প কাহিনীৰে সমৃদ্ধ দা অৰবিটেল নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। ৪৮ বছৰীয়া উপন্যাসিকগৰাকীৰ ‘দা অৰবিটেল’ সপ্তমখন উপন্যাস। ব্রিটেইন আৰু আয়াৰলেণ্ডত প্রক...

November 12, 2024 8:14 AM

views 53

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভৰ প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ‍

ৰাছিয়াৰ প্ৰথমগৰাকী উপ-প্রধানমন্ত্রী ডেনিছ মন্টুৰভে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ‍ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই বাণিজ্য আৰু অৰ্থনৈতিক সম্পর্ক, শক্তি তথা যোগাযোগকে ধৰি বিভিন্ন খণ্ডত সহযোগিতা ত্বৰান্বিত কৰাৰ বিষয়ে মত- বিনিময় কৰে। সাক্ষাৎকালত শ্ৰী মোদীয়ে উভয় দেশৰ মাজত থকা বিশেষ কৌশ...

November 11, 2024 11:50 AM

views 36

আজাৰবাইজানত আজি ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন

ৰাষ্ট্ৰসংঘৰ ২৯ সংখ্যক বাৰ্ষিক জলবায়ু পৰিৱৰ্তন সন্মিলন চি অ' পি ২৯ আজি আজাৰবাইজানৰ বাকুত আৰম্ভ হ'ব। বিত্তীয় চি অ' পি হিচাপে খ্যাত ১৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই সন্মিলনৰ জৰিয়তে পৰৱৰ্তিত জলবায়ুৰ প্রভাৱে ক্ষতিগ্রস্ত কৰা দেশসমূহৰ বাবে নতুন জলবায়ু বিত্তৰ লক্ষ্যত উপনীত হোৱাৰ হকে বিশেষ গুৰুত্ব আৰোপ...

November 10, 2024 8:09 PM

views 45

নৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে কলম্বোত উপস্থিত

INS Vela, arrived in Colomboনৌবাহিনীৰ চাবমেৰিন আই এন এছ ৱেলা ৩ দিনীয়া কাৰ্যসূচীৰে আজি কলম্বোত উপস্থিত হয়। শ্ৰীলংকাৰ নৌবাহিনীয়ে চাবমেৰিনখন আনুষ্ঠানিকভাৱে আদৰে। এই সময়ছোৱাত শ্ৰীলংকাৰ নৌবাহিনীৰ বিষয়া তথা চাবমেৰিনখনৰ কৰ্মচাৰীসকলৰ মাজত বিভিন্ন দলীয় অনুশীলন কৰা হয়। থলুৱা কলৱৰি শ্ৰেণীৰ ডিজেল, বৈদ্যু...

November 10, 2024 12:05 PM

views 37

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে’ল ষ্টেচনত সংঘটিত বোমা বিস্ফোৰণত ২৫ জন লোকৰ প্ৰাণহানি

পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা ৰে'ল ষ্টেচনত কালি হোৱা বোমা বিস্ফোৰণত কমেও ২৫ জন লোকে প্ৰাণ হেৰুৱাই আৰু ৫০ জন আহত হয়। বেলুচিস্তান লিবাৰেছন আর্মী নামৰ বিচ্ছিন্নতাবাদী গোটে এখন ৰে'লগাড়ী কৱেটা ষ্টেচনৰ পৰা পেছাৱৰ অভিমুখে ৰাওনা হ'বলৈ ওলোৱাৰ সময়ত সংঘটিত এই আত্মঘাটী বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।