বাংলাদেশৰ মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰখনে দেশখনৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা কৰিছে। বাংলাদেশৰ সংবিধানৰ পঞ্চদশ সংশোধনী বাতিল কৰাৰ ঔচিত্য সন্দৰ্ভত হোৱা শুনানিৰ সময়ত ঢাকা উচ্চ ন্যায়ালয়ত দেশৰখনৰ এটর্নি জেনেৰেল মহম্মদ আছাদুজ্জামানে ৯০ শতাংশ মুছলমানপ্রধান দেশখনত এই ধৰ্মনিৰপেক্ষতা শব্দটোৱে দেশখনৰ বাস্তৱিক ছবি দাঙি ধৰিব নোৱাৰে বুলি চৰকাৰখনৰ সপক্ষে যুক্তি আগবঢ়ায়। এটর্নি জেনেৰেল গৰাকীয়ে দেশখনৰ সংবিধানত থকা সমাজতান্ত্রিক, বাঙালী জাতীয়তাবাদ আদি শব্দ আৰু শ্বেখ মজিবুৰ ৰহমানক জাতিৰ পিতা উপাধিৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰাৰ সপক্ষেও যুক্তি দর্শায়। আছাদুজ্জামানে যুক্তি দর্শায় যে কোনো এখন দেশৰ পৰিচয় ভাষাৰ জৰিয়তে দাঙি ধৰিলে ই জনসাধাৰণৰ মাজত অযথা বিভাজনৰ সৃষ্টি কৰে। তেওঁ পঞ্চদশ সংবিধান সংশোধনীৰ দ্বাৰা অন্তৰ্ৱৰ্তীকালীন চৰকাৰ ব্যৱস্থাটোৰ বিলুপ্তি সাধনৰ বিপক্ষেও যুক্তি দর্শায়।
Assamese | November 14, 2024 8:54 PM | bangladesh yunus
বাংলাদেশৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষতা শব্দটো আঁতৰ কৰাৰ পোষকতা মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ