জম্মু-কাশ্মীৰ

January 14, 2025 2:28 PM

views 78

মকৰ সংক্রান্তি উপলক্ষে  জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি

মকৰ সংক্রান্তি উপলক্ষে আজি জম্মু-কাশ্মীৰৰ ৰিয়াছী জিলাৰ কাট্টা চহৰৰ ত্রিকূট পাহাৰত থকা বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব। আজি আৰতিৰ পাছতে গুহাটো ভক্তসকলৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গুহাটো এমাহ খোলা ৰখাৰ সম্ভাৱনা আছে।...

January 12, 2025 8:49 PM

views 75

সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰত সোণামাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণামাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰিব। এই ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে নির্মাণকাৰ্য্যত জড়িত শ্রমিকসকলক সাক্ষাৎ কৰি এই কাম সম্পূর্ণ কৰাৰ ক্ষেত্ৰত তেও...

December 29, 2024 12:36 PM

views 87

বৰফ জমাৰ ফলত পিছল হোৱা বাবে ৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত যাতায়াত বন্ধ

৪৪ নম্বৰ জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন অংশত বৰফ জমা হোৱাৰ ফলত পিছল হৈ পৰাৰ বাবে ঘাইপথটো যাতায়াতৰ বাবে বন্ধ কৰি দিয়া হৈছে। যান বাহন বিভাগৰ মুখপাত্রই ঘাইপথটো দুয়ো দিশৰ পৰা বন্ধ কৰি দিয়া হৈছে বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে ঘাইপথটোৰ কোৱাজিগুণ্ড এলেকাত বিপুল পৰিমাণৰ বৰফ জমা হৈছে আৰু যন্ত্ৰ...

November 10, 2024 8:12 PM

views 194

জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাক শিখ সহযোগিতা সমিতিৰ প্রতিনিধি দলৰ সাক্ষাৎ

জম্মু-কাশ্মীৰৰ শিখ সহযোগিতা সমিতিৰ অধ্যক্ষ এছ অজিত সিঙৰ নেতৃত্বত এটা প্রতিনিধি দলে উপৰাজ্যপাল মনোজ সিনহাক আজি জম্মুৰ ৰাজভৱনত সাক্ষাৎ কৰে। দলটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শিখ সম্প্ৰদায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰি এলানি দাবী উত্থাপন কৰে। এই দাবীসমূহৰ ভিতৰত শ্ৰীনগৰত মহাৰাজা ৰণজিত সিঙৰ ম...

November 10, 2024 11:49 AM

views 80

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ’প’ৰত কালি সুৰক্ষা বাহিনীৰে সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ ছ'প'ৰত কালি সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত এজন সন্ত্রাসবাদী নিহত হয়। অঞ্চলটোত এতিয়াও দুজন সন্ত্রাসবাদী লুকাই থকা বুলি আশংকা কৰা হৈছে। বিষয়াসকলে প্ৰকাশ কৰা মতে অঞ্চলটোত কেইজনমান সন্ত্রাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত স্থল সেনা, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী ...

November 3, 2024 8:34 PM

views 74

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত

কাশ্মীৰ উপত্যকাৰ আকাশবাণী কাৰ্যালয়ৰ সমীপৰ দেওবৰীয়া বজাৰত আজি বিয়লি হোৱা গ্রেনেড বিস্ফোৰণত কমেও ১০ গৰাকী অসামৰিক লোক আহত হয়। সংবাদদাতাই জনোৱা অনুসৰি টি আৰ চি ক্ৰছিঙৰ সমীপত নিৰাপত্তা বাহিনীৰ বাহনলৈ লক্ষ্য কৰি সন্দেহযুক্ত সন্ত্রাসবাদীয়ে দলিওৱা গ্রেনেড লক্ষ্যভ্রষ্ট হৈ পথত বিস্ফোৰিত হয়। এই ঘটনাত কম...

October 16, 2024 5:58 PM

views 96

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাৰ শপতগ্রহণ

নেচনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাই আজি জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্রহণ কৰে। শ্ৰীনগৰৰ শ্বেৰ-এ-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় অভিৱৰ্তন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত উপ-ৰাজ্যপাল মনোজ সিনহাই শ্ৰী আব্দুল্লা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰায়। আজিৰ শপতগ্রহণ অনুষ্ঠানত কংগ্ৰেছ সভাপ...

September 29, 2024 7:56 PM

views 48

কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিৰ অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতিৰ পর্যালোচনা

কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্রধান ৱি কে বিডিয়ে অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি পর্যালোচনা কৰাৰ উদ্দেশ্যে আৰক্ষী নিয়ন্ত্রণ কক্ষত আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে যিকোনো আইন শৃংখলা ভংগ কৰা অপ্রীতিকৰ পৰিস্থিতি প্ৰতিহত কৰিবলৈ সংশ্লিষ্ট অঞ্চলসমূহ পর্যবেক্ষণ কৰাৰ লগতে কাৰ্য...

September 29, 2024 12:19 PM

views 102

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। এই পৰ্যায়ত অহা মঙলবাৰে ৪০ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই ৪০ খন আসনৰ ভিতৰত ১৬ খন কাশ্মীৰ মণ্ডলৰ আৰু ২৪ খন আসন জম্মু অঞ্চলৰ। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে।...

September 22, 2024 11:13 AM

views 103

২৫ ছেপ্তেম্বৰত জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন

জম্মু-কাশ্মীৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অহা ২৫ ছেপ্তেম্বৰত অনুষ্ঠিত হ'ব। এই পৰ্যায়ত ২৬ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। ইপিনে মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত নিৰ্বাচন আয়োগৰ এটা দলে ঝাৰখণ্ডৰ এই বছৰতে হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে পর্যালোচনা কৰিবলৈ কাইলৈৰ পৰা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।