September 29, 2024 12:19 PM | Jammu and Kashmir Election

printer

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি

জম্মু-কাশ্মীৰৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিব। এই পৰ্যায়ত অহা মঙলবাৰে ৪০ টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ’ব। এই ৪০ খন আসনৰ ভিতৰত ১৬ খন কাশ্মীৰ মণ্ডলৰ আৰু ২৪ খন আসন জম্মু অঞ্চলৰ। জম্মু-কাশ্মীৰত তিনিটা পৰ্যায়ত বিধানসভা নির্বাচন অনুষ্ঠিত হৈছে। ইয়াৰে প্ৰথম পৰ্যায়ত ৬১ শতাংশৰো অধিক আৰু দ্বিতীয় পৰ্যায়ত ৫৬ শতাংশৰো অধিক ভোদটান হৈছিল।