মকৰ সংক্রান্তি উপলক্ষে আজি জম্মু-কাশ্মীৰৰ ৰিয়াছী জিলাৰ কাট্টা চহৰৰ ত্রিকূট পাহাৰত থকা বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি কৰি দিয়া হ’ব। আজি আৰতিৰ পাছতে গুহাটো ভক্তসকলৰ বাবে মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে। যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি গুহাটো এমাহ খোলা ৰখাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে প্রতি বছৰে মকৰ সংক্ৰান্তিৰ দিনা এই পৱিত্ৰ গুহা তীর্থ যাত্ৰীৰ বাবে মুকলি কৰা হয় ৷ যাত্ৰীসকলে এই গুহাটো দৰ্শনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে যদিও বছৰত এবাৰহে এই গুহাটো মুকলি কৰা হয়।
Assamese | January 14, 2025 2:28 PM | Vesno Devi
মকৰ সংক্রান্তি উপলক্ষে জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী মন্দিৰৰ প্ৰাকৃতিক গুহা তীর্থযাত্ৰীৰ বাবে মুকলি