প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণামাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰিব। এই ভ্ৰমণৰ সময়ত প্রধানমন্ত্রীয়ে নির্মাণকাৰ্য্যত জড়িত শ্রমিকসকলক সাক্ষাৎ কৰি এই কাম সম্পূর্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকৃতি জনাব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সোণামাৰ্গ সুৰংগ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৱে সোণামাৰ্গৰ মূল সুৰংগ, সুৰংগৰ প্ৰস্থান পথ আৰু সুৰংগলৈ যাবলগীয়া পথসমূহো সামৰি লৈছে। এই সুৰংগ প্ৰকল্পই লাডাখ অভিমুখী দুর্গম পথ ভূমিস্খলন আৰু তুষাৰপাতৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সুৰক্ষিতভাৱে অতিক্ৰম কৰাত সহায় কৰিব। ইয়াৰ ফলত সোণামাৰ্গ গোটেই বছৰটো পৰ্য্যটকৰ বাবে আকৰ্ষণীয় স্থান হৈ থাকিব আৰু শীতকালীন পর্য্যটন, দুঃসাহসিক ক্ৰীড়া আদিৰ উন্নীতকৰণৰ ফলত স্থানীয় লোকসকলৰ জীৱিকাৰ ক্ষেত্ৰতো সহায় হ’ব। এই সুৰংগই বাহনসমূহৰ গতিবেগ প্রতিঘণ্টাত ৩০ কিলোমিটাৰৰ পৰা ৭০ কিলোমিটাৰলৈ বৃদ্ধি কৰাৰ ফলত শ্ৰীনগৰ উপত্যকা আৰু লাডাখৰ মাজত সুচল যোগাযোগ নিশ্চিত হ’ব। উন্নত যোগাযোগ ব্যৱস্থাই প্ৰতিৰক্ষা বাহিনীৰ বাবে ৰচদ-পাতি যোগান সুচল কৰাৰ উপৰি অৰ্থনৈতিক বিকাশ আৰু জম্মু- কাশ্মীৰ আৰু লাডাখত আর্থ-সামাজিক ক্ষেত্ৰত সম্প্রীতিও বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।
Assamese | January 12, 2025 8:49 PM | Sonmarg Tunnel
সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰত সোণামাৰ্গ সুৰংগ প্ৰকল্প মুকলি কৰিব