কাছাৰ জিলাৰ অতিৰিক্ত ছেচন ন্যায়াধীশৰ আদালতে আজি জিলাখনৰ এজন যুৱকক নাবালিকা ধৰ্ষণৰ অপৰাধত ২৫ বছৰৰ কাৰাদণ্ড বিহে। উদাৰবন্দৰ ৰাজদীপ দাস নামৰ এই অপৰাধীজনক ৫০ হাজাৰ টকাৰ জৰিমণা ও বিহা হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে যোৱা বছৰৰ ১১ অক্টোবৰত এই লোকজনে ১৬ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰিছিল। অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাৰ লগতে পক্ছ’ আইনৰ অধীনতো গোচৰ ৰুজু কৰা হৈছে। এই গোচৰৰ শুনানি গ্ৰহণ কৰি আজি জিলাখনৰ অতিৰিক্ত ছেচন ন্যায়াধীশ নাৰায়ণ কুৰীৰ আদালতে লোকজনক শাস্তিৰ ৰায় দিয়ে।
Assamese | September 27, 2025 7:49 PM
কাছাৰ জিলাৰ অতিৰিক্ত ছেচন ন্যায়াধীশৰ আদালতৰ আজি নাবালিকা ধৰ্ষণৰ অপৰাধত এজন যুৱকক ২৫ বছৰৰ কাৰাদণ্ড