June 11, 2026 11:41 AM | Jubin Garg Death

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ফাষ্টট্ৰেক আদালত সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সন্দৰ্ভত ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালত সাক্ষীৰ সাক্ষ্য গ্রহণ প্রক্রিয়া অব্যাহত আছে। কালি আদালতত সময়ৰ অভাৱৰ বাবে ৰাজা অসম আৰু বিৰিঞ্চি বৰা নামৰ  দুজন লোকে সাক্ষ্য প্রদান কৰিব নোৱৰাত আজি আদালতে পুৱাৰ ভাগতে লোক দুজনৰ সাক্ষ্য গ্ৰহণ কৰিব । ইপিনে আজিৰ দিনটোত সাক্ষ্য প্ৰদানৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা পলাশ ৰঞ্জন বৰুৱা, আছাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিৎ শৰ্মাৰ লগতে ৰিংকু নাথ আৰু বিষ্ণু শৰ্মা নামৰ লোক দুজন আদালতত উপস্থিত থাকিব। ইতিমধ্যে ফাষ্টট্ৰেক আদালত গোচৰটোৰ সন্দৰ্ভত কেইবাগৰাকীও লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে ।