কাছাৰ জিলাৰ আৰক্ষীয়ে জিলাখনত ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি আৰক্ষীয়ে লক্ষীপুৰৰ পয়লাপুলৰ বাসিন্দা শেখৰ আচাৰ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। এই লোকজনে দীর্ঘদিন ধৰি চিকিৎসক হিচাপে পৰিচয় দি ৰোগীক প্রবঞ্চনা কৰি আহিছিল বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে এই লোকজনৰ পৰা চিকিৎসকৰ ভুৱা প্ৰমাণপত্ৰ আৰু অন্যান্য নথি উদ্ধাৰ কৰিছে। এই পর্যন্ত জিলাখনত ১৮ জন ভুৱা চিকিৎসক গ্ৰেপ্তাৰ কৰা হৈছে।
Assamese | November 6, 2025 6:55 PM | Cachar
ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ জিলাৰ আৰক্ষীৰ অভিযান অব্যাহত