বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে কাইলৈ জিলাখনত কুষ্ঠ ৰোগ চিনাক্ত অভিযান আৰম্ভ কৰিব। জিলাখনৰ আশাকৰ্মীসকলে কাইলৈৰ পৰা অহা ৩ ডিচেম্বৰলৈ নিজ নিজ এলেকাৰ লোকৰ ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগী চিনাক্ত কৰি তেওঁলোকক উপযুক্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব। জিলাখনৰ কুষ্ঠ ৰোগ চিনাক্ত অভিযানৰ ন’ডেল বিষয়া ডাº প্ৰণৱ কুমাৰ ৰায়ে আজি এই সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে।
Assamese | November 19, 2024 8:33 PM | bongaigoan
বঙাইগাঁওত কাইলৈৰ পৰা কুষ্ঠ ৰোগ চিনাক্ত অভিযান