বিজেপিয়ে কলকাতাত আজি আৰ্জেণ্টিনাৰ ফুটবল তাৰকা লিঅ’নেল মেচিৰ অনুষ্ঠানত বিশৃংখল পৰিৱেশেৰে জনসাধাৰণক হতাশ কৰাৰ অভিযোগ তুলি মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক সমালোচনা কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এখন সংবাদমেলত বিজেপিৰ সাংসদ তথা মুখপাত্র ডাঃ সুধাংশু ত্রিবেদীয়ে এই ঘটনাক সমগ্ৰ দেশৰ বাবেই লজ্জাজনক ঘটনা বুলি অভিহিত কৰে। তেওঁ লগতে অভিযোগ তোলে যে কর্ণাটক, তামিলনাডুৰ দৰে অনা-এনডিএ-চৰকাৰ থকা ৰাজ্যসমূহত এনেধৰণৰ ঘটনা সংঘটিত হৈছে যিয়ে ৰাজ্যখনৰ দুৰ্বল আইন-শৃংখলাৰ পৰিস্থিতি প্ৰতিফলিত কৰে। ৰাজহুৱা অনুষ্ঠানসমূহক কোনো ব্যক্তিস্বার্থৰ ৰক্ষাৰ সঁজুলিলৈ ৰূপান্তৰিত কৰাৰ বাবে বিজেপি নেতাগৰাকীয়ে ৰাজ্যচৰকাৰক দোষাৰোপ কৰিছে। সংবাদমেলতে শ্রী ত্রিবেদীয়ে তিৰুৱনন্তপুৰমৰ পৌৰ নিগম নিৰ্বাচনত এনডিএৰ বিজয়ত সন্তোষ প্ৰকাশ কৰে। তেওঁ এই ফলাফল কেৰালাৰ ৰাজনীতিৰ বাবে পৰিৱৰ্তন ইংগিত বুলি অভিহিত কৰাৰ লগতে দেশৰ ৰাজনীতিত এই বিজয়ক দূৰদৃষ্টিৰ সংকেত বুলিও কয়।
Assamese | December 13, 2025 9:42 PM | BJP Criticizes West Bengal Govt Over Messi Event Mismanagement
কলকাতাত লিঅ’নেল মেচিৰ অনুষ্ঠানত হোৱা বিশৃংখল পৰিৱেশক লৈ মমতা বেনাৰ্জী নেতৃত্বাধীন পশ্চিমবংগ চৰকাৰক বিজেপিৰ সমালোচনা