আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ে আজি ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে। ভাৰতীয় জনতা পাৰ্টিৰ গুৱাহাটীৰ বশিষ্ঠত থকা মুখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত দলটোত যোগদান কৰে। যোগদানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত দলটোৰ ভিতৰত থাকি কোচ ৰাজবংশী সম্প্ৰদায়ৰ হৈ কাম কৰি যাব বুলি তেওঁ উল্লেখ কৰে ৷
Assamese | September 12, 2025 8:25 PM | biswajit rai bjp
আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ বিজেপিত যোগদান