June 16, 2026 1:34 PM | agriculture

printer

কৃষিখণ্ডত জধে-মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ ক’লা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগৰ বিশেষ পদক্ষেপ

কৃষিখণ্ডত জধে-মধে সাৰৰ প্ৰয়োগত নিয়ন্ত্ৰণ অনাৰ লগতে সাৰৰ ক’লা বজাৰ বন্ধ কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষি বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে কালি নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত সাৰ ক্ৰয়ৰ ৰূপৰেখা চমুকৈ FFS নামৰ এটা বিশেষ প’ৰ্টেল মুকলি কৰা হয়।

 অনুষ্ঠানত উপস্থিত থাকি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কয়, যে কৃষকৰ উৎপাদন বৃদ্ধিৰ লগতে মাটিৰ গুণগত মান উন্নত কৰাৰ উদ্দেশ্যে মুকলি কৰা এই প’ৰ্টেলৰ অবিহনে এতিয়াৰেপৰা জিলাখনত সাৰৰ ক্রয়-বিক্রয় সম্ভৱ নহ’ব। 

ইয়াৰ পৰিৱৰ্তে কৃষকে কৃষক পঞ্জীয়ন নম্বৰ বা আধাৰ নম্বৰৰ জৰিয়তে শস্য নির্বাচন কৰি অনলাইন আবেদনযোগে লাভ কৰা কিউ আৰ ক’ড আৰু টোকেন নম্বৰৰ জৰিয়তেহে সাৰ সংগ্ৰহ কৰিব পাৰিব। এই ব্যৱস্থা কাৰ্যকৰী হ’লে সাৰৰ ক’লা বজাৰ নিয়ন্ত্ৰিত হোৱাৰ লগতে কৃষকে ন্যায্য মূল্যতে সময়মতে সাৰ লাভ কৰাটো নিশ্চিত হ’ব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে সাৰ ক্ৰয়ৰ ৰূপৰেখা নামৰ প’ৰ্টেলটো প্ৰথমাৱস্থাত নলবাৰী আৰু বঙাইগাঁও জিলাত পৰীক্ষামূলকভাৱে ৰূপায়ণ কৰা হ’ব। পৰৱৰ্তী সময়ত পৰ্যায়ক্রমে সমগ্ৰ ৰাজ্যতে এই ব্যৱস্থা কাৰ্যকৰী হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।