কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত হয়। বিশ্ব শান্তি, সমৃদ্ধি আৰু মানৱৰ কল্যাণৰ অৰ্থে এই পূজা-অর্চনা অনুষ্ঠিত হয়। বড়োভূমিৰ লগতে অসমৰ অন্যান্য অঞ্চল আৰু পশ্চিম বংগৰ পৰাও অহা যথেষ্ট সংখ্যক লোকে এই পূজাত অংশগ্ৰহণ কৰে। বি টি চিৰ মুখ্য কার্যবাহী হাগ্রামা মহিলাৰী, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চৰণ বড়ো, বি টি চিৰ পৰিষদৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীৰ লগতে অন্যান্য বিষয়ববীয়া তথা প্রতিনিধিসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।
Assamese | December 16, 2025 6:57 PM | Batho puja
কোকৰাঝাৰত আজি বড়োসকলৰ পৰম্পৰাগত বাথৌ বা খেৰাই পূজা অনুষ্ঠিত