উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাৰ মহিলা আৰু জুনিয়ৰ ছোৱালীৰ শাখাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাই খিতাপ অৰ্জন কৰিছে। গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্রতিযোগিতাখনৰ মহিলাৰ শাখাৰ ফাইনেলত ময়ূৰীয়ে ছুজেন বুঢ়াগোহাঁইক হৰুৱাই স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ডাবলছত ময়ূৰী বৰ্মন আৰু মনালী বৰাৰ যুটিয়ে সোণৰ পদক লাভ কৰে। অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ ছিনিয়ৰ আৰু জুনিয়ৰ মিক্সড ডাবলছতো অসমৰ শ্বাটলাৰে চেম্পিয়ন ট্ৰফী অৰ্জন কৰে। সংগ্ৰাম চুতীয়া আৰু মনালী বৰাৰ যুটিয়ে নাগালেণ্ডৰ প্রতিযোগীক পৰাস্ত কৰি খিতাপ অৰ্জন কৰে। জুনিয়ৰ মিক্সড ডাবলছৰ ফাইনেলত অসমৰ শুভংকৰ দত্ত আৰু ভাৱিষ্যা চাংমাৰ যুটিয়ে মণিপুৰৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। ইপিনে ল’ৰাৰ ডাবলছৰ ফাইনেলত অসমৰ আলবিৰ আমন আৰু ৰিতু প্ৰতীম বৰাই ৰূপৰ পদক লাভ কৰে ।
Assamese | September 10, 2024 8:59 PM | badminton assam gold medal
উত্তৰ-পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্রতিযোগিতাত অসমৰ ময়ূৰী বৰ্মন আৰু শান্তিপ্রিয়া হাজৰিকাৰ খিতাপ অৰ্জন