April 19, 2024 5:51 PM

views 63

ৰাজ্যত দ্বিতীয়-তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অব্যাহত, কেইবাখনো নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

ৰাজ্যখনত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত নিৰ্বাচনৰ বাবে ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এখন জনসভাত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ প্ৰচাৰ চলায়। একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ওদাল...

April 19, 2024 5:46 PM

views 63

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮.০২ বজাৰ দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত লোকনির্ণয় ২০২৪ শীর্ষক অনুষ্ঠানত লোকসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব সাংবাদিক গৌতম শৰ্মা আৰু জিতেন্দ্ৰ কুমাৰ চৌধুৰী। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

April 17, 2024 8:13 PM

views 76

ছাহাৰানপুৰত প্রিয়ংকা গান্ধীৰ ৰোড শ্ব’

কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী ইমৰাণ মাছুদৰ হৈ ছাহাৰানপুৰত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে দেশে ক্ষমতাক নহয় সত্যক পূজা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি তেওঁ কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে সত্যক নহয় ক্ষমতাকহে পূজা কৰে৷ বিজেপি চৰকাৰে সদায়...

April 17, 2024 8:11 PM

views 70

ৰামনৱমী উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত

ৰামনৱমী উপলক্ষে আজি দিনৰ ১২ বাজি ১৬ মিনিটত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত কৰা হয়। আইনা আৰু লেন্স ব্যৱহাৰ কৰি এটা বিশেষ পদ্ধতিৰ জৰিয়তে সূৰ্য্য তিলক প্রজ্বলিত কৰা হৈছে। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা এইবেলি প্ৰথমবাৰৰ বাবে ৰামনৱমী উদযাপিত হৈছে...

April 17, 2024 8:08 PM

views 64

গাজিয়াবাদত আজি ৰাহুল গান্ধী আৰু অখিলেশ য়াদৱৰ যুটীয়া সংবাদমেল

কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ মুৰবী অখিলেশ য়াদৱে আজি গাজিয়াবাদত এখন যুটীয়া সংবাদমেলক সম্বোধন কৰে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰাহুল গান্ধীয়ে এয়া ভাৱাদৰ্শৰ নির্বাচন বুলি উল্লেখ কৰি কয় যে, আই এন ডি আই মিত্ৰজোট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্রতিশ্রুতিবদ্ধ। লোকসভা নি...

April 17, 2024 8:05 PM

views 75

আগৰতলাত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাত কংগ্ৰেছ আৰু কমিউনিষ্ট দলৰ আই এন ডি আই মিত্রজোটক সমালোচনা কৰি কয় যে, দক্ষিণৰ ৰাজ্য কেৰালাত দুয়োটা দলেই পৰস্পৰৰ শত্ৰু। পশ্চিম ত্ৰিপুৰা আৰু পূৱ ত্ৰিপুৰা আসনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ হ'কে আগৰতলাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি...

April 17, 2024 8:01 PM

views 73

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বিভিন্ন জিলাত সুৰা নিষিদ্ধ ঘোষণা কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি বিয়লি ৫ বজাৰ পৰা ১৯ এপ্ৰিললৈ সুৰা নিষিদ্ধ ঘোষণা কৰিছে। ১৯ এপ্ৰিলত হ'বলগীয়া মিজোৰামৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষা ৰাখি অসমৰ ৰাজ্যপালৰ নিৰ্দেশমৰ্মে আজি বিয়লি ৪ বজাৰ বৰা কৰিমগঞ্জ জিলাত ১৯...

April 17, 2024 7:59 PM

views 50

৫ টা সমষ্টিত হ’বলগীয়া প্রথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ

প্রথম পৰ্যায়ত অহা ১৯ এপ্ৰিলত অৰ্থাৎ‍ পৰহিলৈ ৰাজ্যৰ ৫ টা সমষ্টিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে সংশ্লিষ্ট জিলা প্রশাসনসমূহে যাৱতীয় প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰিছে। এই পৰ্যায়ত ৰাজ্যখনৰ ডিব্ৰুগড়, যোৰহাট, লখিমপুৰ, শোণিতপুৰ আৰু কাজিৰঙা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প...

April 17, 2024 7:57 PM

views 43

তৃতীয় পৰ্যায়ত হ’বলগীয়া ৰাজ্যৰ ৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল প্রক্রিয়াৰ ক্রমাৎ গতি লাভ

ৰাজ্যৰ তৃতীয় পৰ্যায়ত হ'বলগীয়া ৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল প্রক্রিয়াই ক্রমাৎ গতি লাভ কৰিছে। আজি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী দ্বীপ বায়নে মনোনয়ন দাখিল কৰে । বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসম...

April 17, 2024 7:56 PM

views 89

আজি প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। নিৰ্বাচন আয়োগৰ নীতি অনুসৰি আজি বিয়লি ৫ বজাৰ পাছত ৰাজনৈতিক দলসমূহে প্ৰচাৰ চলাব নোৱাৰিব । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ক্ষেত্ৰত আজি ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা প্ৰচাৰ কৰিব নোৱাৰিব প্রাক নির্বাচনী সমীক্ষা, নির্বাচনী সমীক্ষা, জ্যোতিষীৰ ভৱিষদ্বা...