ৰামনৱমী উপলক্ষে আজি দিনৰ ১২ বাজি ১৬ মিনিটত অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত কৰা হয়। আইনা আৰু লেন্স ব্যৱহাৰ কৰি এটা বিশেষ পদ্ধতিৰ জৰিয়তে সূৰ্য্য তিলক প্রজ্বলিত কৰা হৈছে। অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্রতিষ্ঠা হোৱাৰ পাছৰে পৰা এইবেলি প্ৰথমবাৰৰ বাবে ৰামনৱমী উদযাপিত হৈছে। উল্লেখযোগ্য যে যোৱা ২২ জানুৱাৰীত আয়োজিত ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা উৎসৱত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিশেষভাৱে অংশগ্ৰহণ কৰিছে। আজি পুৱাৰ ভাগৰে পৰা ভগৱান ৰামৰ দৰ্শনৰ বাবে ভক্তৰ ভিৰ পৰিলক্ষিত হয়। ৰামৰ জন্ম উৎসৱ উপলক্ষে আজি সমগ্ৰ মহানগৰখনত উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। মন্দিৰ সমিতি তথা চৰকাৰে কেইবাখনো আধুনিক পৰ্দাত অযোধ্যা মন্দিৰৰ চৌদিশে হোৱা উদযাপনৰ মুহুৰ্ত প্ৰদৰ্শনৰ ব্যৱস্থা কৰে।
Assamese | April 17, 2024 8:11 PM | Ram Navami
ৰামনৱমী উপলক্ষে অযোধ্যাৰ ৰাম মন্দিৰৰ ৰাম ললাৰ মূৰ্তিৰ কপালত সূৰ্য্য তিলক প্রজ্বলিত