কংগ্ৰেছ নেত্রী প্রিয়ংকা গান্ধীয়ে আজি কংগ্ৰেছ প্ৰাৰ্থী ইমৰাণ মাছুদৰ হৈ ছাহাৰানপুৰত এটা ৰোড শ্ব’ত অংশগ্ৰহণ কৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে দেশে ক্ষমতাক নহয় সত্যক পূজা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি তেওঁ কয় যে প্রধানমন্ত্ৰীগৰাকীয়ে সত্যক নহয় ক্ষমতাকহে পূজা কৰে৷ বিজেপি চৰকাৰে সদায় ধনী লোকৰ বাবে কাম কৰি আহিছে আৰু দুখীয়া লোকে একো লাভ কৰা নাই বুলি প্ৰিয়ংকা গান্ধীয়ে উল্লেখ কৰে। তেওঁ কয়, বিজেপিয়ে নির্বাচনী বণ্ড আঁচনি আনিছিল আৰু এই তালিকাৰ নাম গোপনীয় কৰি ৰাখিব বিচাৰিছিল যদিও উচ্চতম ন্যায়ালয়ে নাম প্ৰকাশৰ নিৰ্দেশ দিয়াৰ বাবে বিজেপিৰ গোপন কথা পোহৰলৈ আহে। ছাহাৰানপুৰৰ জনতাৰ কাঠৰ ব্যৱসায় মোডী চৰকাৰৰ বাবে স্তব্ধ হৈছে বুলিও শ্রীমতী গান্ধীয়ে কয়। উল্লেখযোগ্য যে ছাহাৰণপুৰত অহা ১৯ এপ্ৰিলত প্রথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব।
Assamese | April 17, 2024 8:13 PM | Priyanka Gandhi
ছাহাৰানপুৰত প্রিয়ংকা গান্ধীৰ ৰোড শ্ব’