কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী আৰু সমাজবাদী পাৰ্টীৰ মুৰবী অখিলেশ য়াদৱে আজি গাজিয়াবাদত এখন যুটীয়া সংবাদমেলক সম্বোধন কৰে। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ৰাহুল গান্ধীয়ে এয়া ভাৱাদৰ্শৰ নির্বাচন বুলি উল্লেখ কৰি কয় যে, আই এন ডি আই মিত্ৰজোট সংবিধান আৰু গণতন্ত্ৰৰ সুৰক্ষা দিবলৈ প্রতিশ্রুতিবদ্ধ। লোকসভা নিৰ্বাচনৰ পাছত মিত্ৰজোটৰ চৰকাৰ হ’ব বুলি দাবী কৰি তেঁও কয় যে এই চৰকাৰে দৰিদ্ৰ মহিলাসকলক এক লাখ টকা সাহায্য আগবঢ়োৱাৰ লগতে নিবনুৱাসকললৈ সৰ্বাধিক নিয়োগৰ সুবিধা আগবঢ়োৱাৰ লক্ষ্য লৈছে। কৃষকসকলক উপকৃত কৰাৰ উদ্দেশ্যে এম এছ পি অর্থাৎ ন্যূনতম সমর্থন মূল্য ৰূপায়ণ কৰা হ’ব বুলি উল্লেখ কৰি তেঁও কয় যে প্রশ্নকাকত ফাদিল হোৱাৰ সমস্যা সমাধান কৰাৰ বাবে আইন প্রনয়ণ কৰা হ’ব। সমাজৰ উন্নয়নৰ বাবে জাতিপিয়লৰ প্ৰয়োজন বুলিও তেওঁ মত প্ৰকাশ কৰে। ইপিনে, সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ য়াদৱে কয় যে, এইবেলি নির্বাচনে দেশৰ ৰাজনীতিত নতুন দিশ সৃষ্টি কৰিব। তেওঁ জনসাধাৰণলৈ ভোট বিভাজন নকৰিবলৈ অনুৰোধ জনায়।
Assamese | April 17, 2024 8:08 PM | Rahul Gandhi
গাজিয়াবাদত আজি ৰাহুল গান্ধী আৰু অখিলেশ য়াদৱৰ যুটীয়া সংবাদমেল