বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ত্ৰিপুৰাত কংগ্ৰেছ আৰু কমিউনিষ্ট দলৰ আই এন ডি আই মিত্রজোটক সমালোচনা কৰি কয় যে, দক্ষিণৰ ৰাজ্য কেৰালাত দুয়োটা দলেই পৰস্পৰৰ শত্ৰু। পশ্চিম ত্ৰিপুৰা আৰু পূৱ ত্ৰিপুৰা আসনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ হ’কে আগৰতলাত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে, কংগ্ৰেছৰ যুৱৰাজে উত্তৰ প্ৰদেশৰ এটা সংসদীয় সমষ্টিত পৰাভূত হোৱাৰ পাছত তেওঁৰ গৌৰৱ উদ্ধাৰ কৰাৰ উদ্দেশ্যে কেৰালালৈ যায়। বিজেপিয়ে ভ্ৰষ্টাচাৰৰ বিৰোধিতা কৰাৰ বিপৰীতে কংগ্ৰেছে ভ্ৰষ্টাচাৰৰ হকে কাম কৰে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। কংগ্ৰেছ-কমিউনিষ্ট দলক সুবিধাবাদী আখ্যা দি তেওঁ কয় যে, দুয়োটা দলেই পূৱক শোষণ কৰা লক্ষ্যৰে কাম কৰি আছিল। কিন্তু বিজেপি নেতৃত্বাধীন চৰকাৰ ক্ষমতালৈ অহাৰ পাছত তেওঁলোকৰ পূৱক শোষণ কৰা নীতিয়ে দিশ হেৰুৱাইছে। বিজেপি সমর্থিত প্ৰাৰ্থীসকলক ভোট দিবলৈ ৰাজ্যবাসীলৈ আহ্বান জনায় তেঁও কয় যে, কেন্দ্ৰীয় চৰকাৰে ত্ৰিপুৰাৰ উন্নয়নৰ বাবে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ লগতে ৰাজ্যখনৰ যোগাযোগ ব্যৱস্থাৰ উন্নয়নত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰে। ৰাজ্যখনৰ দুৰ্গম প্ৰান্তৰ পৰা অহা লোকসকলক উদ্দেশ্যি তেওঁ কয় যে তেওঁ ৫০ বাৰকৈ উত্তৰ-পূৱ ভ্ৰমণ কৰিছে। কিষাণ সম্মান নিধিৰ জৰিয়তে ত্ৰিপুৰাৰ আঢ়ৈ লাখ কৃষকৰ একাউণ্টলৈ পোনপতীয়াকৈ ধন পঠিওৱা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ ৩ লাখতকৈ অধিক মহিলাই ৰন্ধন গেছৰ সংযোগ লাভ কৰিছে। বিগত ১০ বছৰত বিজেপিয়ে কৰা কাম-কাজসমূহ কেৱল এটা নমুনাহে বুলি উল্লেখ কৰি তেওঁ কয় যে, সংকল্পপাত্ৰ শীৰ্ষক দলীয় ইস্তাহাৰে ৰাজ্যখনৰ বাবে সমৃদ্ধি কঢ়িয়াই আনিব ।
Assamese | April 17, 2024 8:05 PM | PM Modi Campaign
আগৰতলাত প্ৰধানমন্ত্ৰীৰ নির্বাচনী সভা