March 29, 2024 9:45 PM

views 59

কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা সুনির্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ দেশৰ ৰাজ্যসমূহক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ

অসমত কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰে শলাগ লৈছে। কৰ্কট ৰোগৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰম্ভ কৰা সুনির্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজ্যসমূহক আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ অর্থনৈতিক উপ...

March 29, 2024 9:43 PM

views 54

ৰাজ্যৰ সকলো পেট্র’ল ডিপো ৪৮ ঘণ্টাৰ বাবে বন্ধ ঘোষণা নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ

নর্থ-ইষ্ট ইণ্ডিয়া পেট্রলিয়াম ডিলাৰ্ছ এছ’চিয়েছনে কাইলৈ পুৱা ৫ বজাৰ পৰা ১ এপ্ৰিলৰ পুৱা ৫ বজালৈকে ৰাজ্যৰ সকলো পেট্র’ল ডিপো বন্ধৰ কথা ঘোষণা কৰিছে। দীৰ্ঘদিনীয়া দাবী পূৰণ নোহোৱাৰ প্ৰতিবাদত সংস্থাটোৱে ৪৮ ঘণ্টীয়া পেট্ৰ'ল ডিপো বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। সংস্থাটোৰ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি...

March 29, 2024 9:41 PM

views 186

শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ওৰাঙৰ মনোনয়ন নাকচ

শোণিতপুৰ লোকসভা সমষ্টিৰ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰা ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আজি পৰীক্ষা কৰাৰ পাছত নাকচ কৰা হয়। শোণিতপুৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ও...

March 29, 2024 9:39 PM

views 65

শিৱসাগৰ জিলাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি জিলা আয়ুক্তৰ

শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদবে জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি অনুমতিবিহীনভাৱে বা বে-আইনী কাৰ্যকলাপৰ উদ্দেশ্যে ১০ জন বা তাতোধিক ...

March 29, 2024 9:37 PM

views 96

লখিমপুৰ শদিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত টেলিফোনসহ নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষ মুকলি

অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ইয়াৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শদিয়া জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ে মহকুমাধিপতি কাৰ্যালয়ত দুটা টেলিফোনৰ সৈতে নিৰ্বাচনী নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে। নিৰ্বাচনী নিয়ন্ত্রণ ক...

March 29, 2024 9:33 PM

views 72

কার্বি আংলং জিলা নির্বাচন বিভাগৰ ৱচবিপ’ আৰু ইক-নী নামেৰে শুভংকৰ প্ৰস্তুত

কার্বি আংলং জিলা নির্বাচন বিভাগে অহা ২৬ এপ্রিলত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ ডিফু লোকসভা সমষ্টিৰ ভোটাৰক ভোটদানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ ৱচবিপ' আৰু ইক-নী নামেৰে শুভংকৰ প্ৰতীক প্ৰস্তুত কৰি উলিয়াইছে। ডিফু লোকসভা সমষ্টিত ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে শুভংকৰ লগত লৈ ভোটদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰ...

March 29, 2024 9:29 PM

views 91

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ, অসমৰ ৪টা সোণৰ পদক অৰ্জন

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্ৰকল্পত আজিৰে পৰা খেলো ইণ্ডিয়া অস্মিতা জুনিয়ৰ মহিলা সাঁতোৰ প্রতিযোগিতা অনুষ্ঠিত হৈছে। ছুইমিং ফেডাৰেচন অৱ ইণ্ডিয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ অন্তৰ্গত ছাইৰ উদ্যোগত অনুষ্ঠিত প্রতিযোগিতাখনত ১১০ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰে। প্রতিযোগিতাৰ আজি প্রথম দি...

March 29, 2024 8:11 PM

views 78

মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটি

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এডেনৰ যুটিটো মিয়ামী অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। বোপন্না আৰু এবডেনৰ শীৰ্ষ বাছনিপ্ৰাপ্ত যুটিটোৱে কালি ছেমি ফাইনেলত স্পেইনৰ মার্চেল গ্রেণোলৰ্ছ আৰু আর্জেণ্টিনাৰ হোৰেচিয়ো জেবালোছৰ যুটিটোক ৬-১, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বোপন...

March 29, 2024 8:06 PM

views 83

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ শ্লোগান আৰু জিংগল প্রতিযোগিতা

সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্রতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা বিষয়ক এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ ...

March 29, 2024 7:58 PM

views 51

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ মৃত্যু

কাৰাবন্দী গেংষ্টাৰৰ পৰা ৰাজনৈতিক নেতালৈ পৰিৱৰ্তন ঘটা মুখটাৰ আনচাৰিৰ যোৱানিশা উত্তৰ প্ৰদেশৰ বান্দা চিকিৎসা মহাবিদ্যালয় হাস্পতালত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয়। পূৰ্বে আনচাৰিক ৰখা জিলা কাৰাগাৰতেই অসুস্থ হৈ পৰাৰ ফলত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বুলি অভিযোগ উত্থাপিত হোৱাৰ পাছতেই তেওঁক হাস্...