শোণিতপুৰ লোকসভা সমষ্টিৰ অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰা ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আজি পৰীক্ষা কৰাৰ পাছত নাকচ কৰা হয়। শোণিতপুৰ জিলা নির্বাচনী বিষয়াৰ কাৰ্যালয়ত আজি মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ পাছত নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ওৰাঙৰ মনোনয়ন নাকচ কৰে। উল্লেখযোগ্য যে কাইলৈ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্রকাশ পাব।
Assamese | March 29, 2024 9:41 PM | Election 2024
শোণিতপুৰ লোকসভা সমষ্টিৰ নিৰ্দলীয় প্রার্থী মহেন্দ্ৰ ওৰাঙৰ মনোনয়ন নাকচ