সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্রতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা বিষয়ক এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল’ব পাৰিব। শ্লোগান বা জিংগ্লসমূহ ৪০ ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবন্ধ কৰি ৩১ মাৰ্চৰ ভিতৰত 96196-86659 নাইবা 97166-80969 নম্বৰলৈ হোৱাট্ছএপযোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব।
Assamese | March 29, 2024 8:06 PM | AKASHVANI GUWAHATI NEWS
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ শ্লোগান আৰু জিংগল প্রতিযোগিতা