অসমত কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক কেন্দ্ৰীয় চৰকাৰে শলাগ লৈছে। কৰ্কট ৰোগৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে আৰম্ভ কৰা সুনির্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰাজ্যসমূহক আহ্বান জনাইছে। কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ অর্থনৈতিক উপদেষ্টা ইন্দ্ৰাণী কৌশলে ৰাজ্যসমূহৰ স্বাস্থ্য বিভাগলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত শ্ৰীকৌশলে অসম চৰকাৰে তিনিটা পৰ্যায়ত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰা সুনিৰ্দিষ্ট পৰিকল্পনা কিদৰে ৰূপায়ণ কৰা হৈছে সেই কথা উল্লেখ কৰি অন্যান্য ৰাজ্যসমূহতো যাতে এই আৰ্হি অনুসৰণ কৰা হয় তাৰ বাবে আহ্বান জনায়। ইপিনে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই কয় যে, এয়া ৰাজ্যবাসীৰ বাবে আনন্দ আৰু গৌৰৱৰ বিষয়।
Assamese | March 29, 2024 9:45 PM | Cencer
কৰ্কট চিকিৎসাৰ ক্ষেত্ৰত অসম চৰকাৰে গ্ৰহণ কৰা সুনির্দিষ্ট পৰিকল্পনাক অনুসৰণ কৰিবলৈ দেশৰ ৰাজ্যসমূহক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ