শিৱসাগৰ জিলাত শান্তি-শৃংখলাৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ আশংকা কৰি শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত আদিত্য বিক্রম যাদবে জিলাখনত তৎকালে বলৱৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি অনুমতিবিহীনভাৱে বা বে-আইনী কাৰ্যকলাপৰ উদ্দেশ্যে ১০ জন বা তাতোধিক লোকৰ সমাবেশ নিষিদ্ধ কৰিছে। ইয়াৰ উপৰি এই নিৰ্দেশ অনুসৰি যিকোনো ব্যক্তি বা ব্যৱসায়িক প্রতিষ্ঠান, কার্যালয় আদিৰ পৰা কোনো ধৰণৰ বৰঙণি সংগ্ৰহ তথা প্ৰদান আৰু এই ক্ষেত্ৰত ভীতি প্ৰদৰ্শন কৰা, প্ৰতিমূৰ্তি দাহ, পথ বন্ধ, অস্ত্ৰ-শস্ত্ৰ লগত লৈ ফুৰাৰ লগতে ৰাজহুৱা সম্পত্তি ধংস কৰিব নোৱাৰিব।
Assamese | March 29, 2024 9:39 PM | Election 2024
শিৱসাগৰ জিলাত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি জিলা আয়ুক্তৰ