অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ইয়াৰ অন্তৰ্গত শদিয়া বিধানসভা সমষ্টিৰ জনসাধাৰণৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শদিয়া জিলা নির্বাচন বিষয়াৰ কাৰ্যালয়ে মহকুমাধিপতি কাৰ্যালয়ত দুটা টেলিফোনৰ সৈতে নিৰ্বাচনী নিয়ন্ত্রণ কক্ষ মুকলি কৰিছে। নিৰ্বাচনী নিয়ন্ত্রণ কক্ষটোৰ টেলিফোন নম্বৰ দুটা হ’ল 037561950 আৰু 03612724230 নির্বাচন সম্পৰ্কীয় যিকোনো তথ্য এই দুটা টেলিফোন নম্বৰ যোগে ৰাইজে জনাব বা জানিব পাৰিব বুলি জনসংযোগ বিভাগে প্রকাশ কৰিছে। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দিনটোৰ ২৪ ঘণ্টাই ফোন নম্বৰ মুকলি ৰখা হ’ব।
Assamese | March 29, 2024 9:37 PM | Election 2024
লখিমপুৰ শদিয়াৰ মহকুমাধিপতি কাৰ্যালয়ত টেলিফোনসহ নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষ মুকলি