February 11, 2025 3:39 PM

views 41

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাঃ ২০০২ চনৰ পৰা বৰ্তমানলৈকে ৭ লাখ ৭২ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ২০০২ চনৰ পৰা বৰ্তমানলৈকে ৭ লাখ ৭২ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী কমলেশ পাছোৱানে এই তথ্য সদৰি কৰি কয়, যে এই আঁচনিৰ জড়িয়তে এক লাখ ৬৩ হাজাৰ গ্ৰামাঞ্চললৈ পথ যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ সম্ভৱ ...

February 11, 2025 3:34 PM

views 65

ৰাষ্ট্ৰপতি মুৰ্মুৱে ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ইউনানি দিৱস উপলক্ষে দুদিনীয়া আন্তৰাষ্ট্ৰীয় সন্মিলন মুকলি কৰিব। অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙ উপস্থিত থাকিব। প্ৰতিবছৰে ১১ ফেব্ৰুৱাৰীত প্রখ্যাত ইউনানি চিকিৎসক শিক্ষাবিদ আৰু মুক্তিযুজাৰু হাকিম আজমল খানৰ জয়ন্তী উপল...

February 11, 2025 8:50 PM

views 75

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত প্রধানমন্ত্রী মোদীৰ সহ-অধ্যক্ষতা

প্রধানমন্ত্রী নৰন্দ্ৰ মোদীয়ে আজি পেৰিছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে কৃত্রিম বুদ্ধিমত্তা সন্মিলনত সহ-অধ্যক্ষতা কৰিব। তেওঁ লগতে ভাৰত আৰু ফ্ৰান্সৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি মেত্ৰুৰ লগতে অন্যান্য নেতাসকলৰ সৈতে কেইবাখনো দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকতে কৃত্রিম বুদ...

February 11, 2025 3:16 PM

views 74

বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছে। দ্বাৰকাৰ য়শোভূমিত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৫ ভার্চুৱেল ব্যৱস্থাৰে আজি উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ কয়, যে দেশৰ সৌৰ শক্তি উৎপাদনৰ ক্ষমতা ৩২ গুণ বৃদ্ধি হৈছে আৰু বৰ্তমান ভাৰত বিশ্বৰ ত...

February 11, 2025 3:05 PM

views 56

মণিপুৰৰ মুখ্যমন্ত্রী বাচনি, শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰৰ দলীয় বিধায়কৰ সৈতে বৈঠক

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগৰ পাছত ৰাজ্যখনত পৰৱৰ্তী মুখ্যমন্ত্রী বাচনি তথা শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ নেতা সম্বিত পাত্ৰই ৰাজ্যখনত দলীয় বিধায়কসকলৰ সৈতে কালি এখন বৈঠকত মিলিত হয়। শ্রী পাত্রই মণিপুৰ বিধানসভাৰ অধ্যক্ষ আৰু বিজেপিৰ বিধায়ক থকচম সত্যব্ৰতৰ সৈতে কালি ৰাজ্যখন...

February 11, 2025 2:56 PM

views 53

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন

নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে প্ৰথমবাৰৰ বাবে আজিৰে পৰা দুদিনীয়াকৈ শৈক্ষিক মেলাৰ আয়োজন কৰিছে। দেশৰ আগশাৰীৰ ১৫ খন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে এই মেলাত অংশ লৈছে। আজি পুৱা বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক মৃদুল হাজৰিকাই শিক্ষা মেলাখন মুকলি কৰে। মেলাৰ অংশ হিচাপে তিনিখন আলোচনাস...

February 11, 2025 2:52 PM

views 57

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাঃ বিভিন্ন জিলাত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি

পৰহিলৈৰ পৰা হ'বলগীয়া হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। সেই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত জনসাধাৰণৰ সমাগম নিষিদ্ধ কৰা হৈছে। ইয়াৰ লগতে পৰীক্ষাৰ্থীস...

February 11, 2025 2:44 PM

views 62

নাৰেংগীত ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ নাৰেংগীত আয়োজিত এটা কাৰ্যসূচীত বিদ্যালয় শিক্ষাৰ ২০২৫-২৬ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য্যৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাও উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি...

February 11, 2025 2:29 PM

views 71

পণ্ডিত দিন দয়াল উপাধ্যায়ৰ মৃত্যু বার্ষিকীঃ গৃহমন্ত্ৰীকে ধৰি অন্যান্য নেতাসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

সমগ্র দেশে আজি পণ্ডিত দিন দয়াল উপাধ্যায়ক তেওঁৰ মৃত্যু বার্ষিকীক শ্ৰদ্ধাৰে সুৱৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা কে ধৰি দলৰ আন আন নেতাসকলে নতুন দিল্লীৰ দলৰ মুখ্যকাৰ্যালয়ত পণ্ডিত দিনদয়াল উপাধ্যায়ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ৰাজ্যৰ শিক্ষামন্ত্রী জাঃ...

February 11, 2025 2:16 PM

views 57

Advantage Assam 2.0: ছিংগাপুৰত চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি দেশখনৰ চুৰবানা জুৰঙ উদ্যোগৰ মুখ্য কাৰ্যবাহী বিষয়া লো চেৰ একৰ সৈতে আলোচনাত মিলিত হয়। ড০ শর্মাই বিষয়াগৰাকীৰ সৈতে অনাগত দিনত অসমক নগৰ উন্নয়নৰ লক্ষ্যৰে আগবঢ়াই ন...