February 12, 2025 10:52 AM

views 55

ছেমিকণ্ডাক্টৰ আৰু উদ্যোগ খণ্ডত ছিংগাপুৰৰ অংশীদাৰিত্বই ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য খণ্ডক অধিক সমৃদ্ধ কৰিব: মুখ্যমন্ত্ৰী

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিনিয়োগ সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে কালি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থাৰমান ছানমুগাৰত্নম, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণণ, ছিংগাপুৰ আই টি ই শিক্ষা সেৱাৰ মুখ্য কাৰ্যবাহী বিষয়া সুৰেশ নটৰ...

February 12, 2025 10:46 AM

views 63

সংসদৰ কাৰ্য বিৱৰণী বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ’ব

সংসদৰ কাৰ্য বিৱৰণী এতিয়াৰে পৰা বড়ো ভাষাতো অনুদিত ৰূপত শুনাৰ সুবিধা প্ৰদান কৰা হ'ব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কালি সংসদৰ কাৰ্যক্ৰমণিকা বড়ো, মণিপুৰী, সংস্কৃত, ডোগৰী, মৈথেলী আৰু উৰ্দুলৈ ভাষান্তৰ সেৱাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে। শ্ৰীবিৰলাই কয়, যে বৰ্তমান হিন্দী আৰু ইংৰাজীৰ উপৰি অসমীয়া, বাংলা, গুজৰা...

February 11, 2025 9:23 PM

views 60

ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছেঃ ৰাষ্ট্ৰপতি

ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছে। নতুন দিল্লীত আজি বিয়লি দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় য়ুনানী দিৱস সন্মিলন মুকলি কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয়, যে য়ুনানী চিকিৎসা এতিয়া গ্ৰীচ আৰু মধ্য এছিয়াৰ ৰাষ্ট্ৰসমূহতকৈও ভাৰত...

February 11, 2025 9:04 PM

views 60

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ৰ সৈতে পেৰিছত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ সহ অধ্যক্ষতা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃত্রিম বুদ্ধিমত্তাৰ ৰূপান্তৰকাৰী প্ৰভাৱৰ বিষয়ে আলোকপাত কৰি ইয়াক বৰ্তমানৰ শতিকাত মানৱ জাতিৰ বাবে কোড লিখাৰ নির্ণায়ক শক্তি বুলি অভিহিত কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ সৈতে পেৰিছত অনুষ্ঠিত কৃত্রিম বুদ্ধিমত্তা শীর্ষ সন্মিলনত সহ অধ্যক্ষতা কৰি শ্রীমোদীয়ে এইদৰ...

February 11, 2025 8:28 PM

views 58

চাইবাৰ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে ৰাজ্যত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন

চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ ভিন ভিন জিলাত প্ৰশাসনৰ উদ্যোগত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন কৰা হৈছে। চৰাইদেউ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে এখন কৰ্মশালাৰ আয়োজন কৰা হয়। প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া...

February 11, 2025 8:03 PM

views 80

প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিঃ ৰাজ্যত কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী অব্যাহত

ৰাজ্যৰ প্ৰতিখন জিলাতে প্রধানমন্ত্রী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভ কৰা কৃষকসকলৰ পঞ্জীয়ন কাৰ্যসূচী পূর্ণগতিত চলি আছে। চৰাইদেউ জিলা কৃষি বিভাগে নিজৰ নামত মাটিৰ পট্টা থকা, এতিয়ালৈকে কৃষক পঞ্জীয়ন নকৰা জিলাখনৰ হিতাধিকাৰী সকলক অনতিপলমে নিকটৱৰ্তী অৰুণোদয় কেন্দ্ৰলৈ গৈ পঞ্জীয়ন কৰাবলৈ অনুৰোধ জনাইছে। ...

February 11, 2025 7:39 PM

views 68

২৪ ফেব্ৰুৱাৰীত ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে ‘ঝুমুইৰ বিনন্দিনী’ কাৰ্যসূচী

বিনিয়োগ আৰু আন্তঃগাথনি সন্মিলন এডভান্টেজ আচামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৮ সহস্রাধিক শিল্পীৰ অংশগ্রহণেৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা ২৪ ফেব্ৰুৱাৰীত হ'বলগীয়া ঝুমুইৰ বিনন্দিনী কাৰ্যসূচীৰ বাবে জিলাই জিলাই ব্যাপক প্রস্তুতি চলিছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই অনুষ্ঠান উপভোগ কৰিব। অনুষ্ঠান...

February 11, 2025 6:48 PM

views 46

ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যে ছিংগাপুৰ ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ছিংগাপুৰৰ ৰাষ্ট্ৰপতি থামান ছানমুগাৰত্নমক সাক্ষাৎ কৰে। ড০ শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে ভাৰত-ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বত অসমৰ ভূমিকা সন্দৰ্ভত আলোচনাত মিলিত হয়।...

February 11, 2025 3:59 PM

views 65

দিল্লী অ’পেন টেনিছৰ পুৰুষৰ ছিংগলছত ভাৰতৰ মুকুণ্ড ছছীকুমাৰৰ ফ্ৰান্সৰ ছাছা গুৱেমাৰ্ড ৱায়েনবাৰ্গক ৪-৬, ৬-২ আৰু ৬-০ ছেটত পৰাস্ত

দিল্লী অ’পেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত আজি ভাৰতৰ মুকুণ্ড ছছীকুমাৰে ফ্ৰান্সৰ ছাছা গুৱেমাৰ্ড ৱায়েনবাৰ্গক ৪-৬, ৬-২ আৰু ৬-০ ছেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি বিয়লি ৰাম কুমাৰ ৰামনাথানে শ্বেকিয়াৰ দালিবৰ চাৰ্চিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

February 11, 2025 3:49 PM

views 53

চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছেঃ জে পি নাড্ডা

স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই কয়, যে চৰকাৰে দেশৰ জনজাতীয় অঞ্চলসমূহত স্বাস্থ্য সেৱাৰ সকলো সুবিধা প্ৰদান কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যসভাত আজি এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে এনে অঞ্চলসমূহত স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ চিনাক্ত কৰি চিকিৎসা ...