চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ ভিন ভিন জিলাত প্ৰশাসনৰ উদ্যোগত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন কৰা হৈছে। চৰাইদেউ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে এখন কৰ্মশালাৰ আয়োজন কৰা হয়। প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত জিলা তথ্য বিষয়া প্রমোদ কুমাৰ নাথ আৰু চৰাইদেউ আৰক্ষীৰ চাইবাৰ কোষৰ কৰ্মী মানস হাতীবৰুৱাই সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ইণ্টাৰনেট সেৱা, চাইবাৰ সুৰক্ষা আৰু চাইবাৰ ভাবুকি নিয়ন্ত্ৰণৰ বিভিন্ন কৌশল সন্দৰ্ভত আলোচনা কৰা হয়৷
Assamese | February 11, 2025 8:28 PM | Assam Govt | Cyber Security | Internet Cyber
চাইবাৰ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে ৰাজ্যত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন