December 11, 2025 8:13 PM

views 46

ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ জনসাধাৰণলৈ কেন্দ্ৰৰ আহ্বান

কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় চাইবাৰ সমন্বয়ৰক্ষী কেন্দ্ৰৰ বিষয়া হিচাপে চিনাকি দি বর্তমান নতুনকৈ চলি থকা এটা ভুৱা ডিজিটেল গ্ৰেপ্তাৰ প্ৰক্ৰিয়াৰ প্ৰতি সচকিত হৈ থাকিবলৈ দেশৰ জনসাধাৰণলৈ আহ্বান জনাইছে। এই ভুবা গ্ৰেপ্তাৰৰ প্ৰক্ৰিয়া অংশ হিচাপে এখন ভুৱা অভিযোগপূর্ণ পত্ৰ প্ৰেৰণেৰে ভীতি প্ৰদৰ্শন কৰি অভিযোগসমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে উত্তৰ দিবলৈ বিশেষ ব্যক্তিজনক বাধ্য কৰাৰ এটা ঘটনা পোহৰলৈ আহিছে। প্ৰেছ ইনফৰমেছন ব্যুৰাৰ সত্যতা নিৰুপণ শাখাই এই পত্রখন ভুৱা বুলি প্ৰমাণ কৰি জানিবলৈ দিয়ে যে, কোনো চৰকাৰী সংস্থাই ই-মেইল ...

February 11, 2025 8:28 PM

views 58

চাইবাৰ সুৰক্ষাৰ সজাগতাৰ উদ্দেশ্যে ৰাজ্যত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন

চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাজ্যৰ ভিন ভিন জিলাত প্ৰশাসনৰ উদ্যোগত সুৰক্ষিত ইণ্টাৰনেট দিৱস পালন কৰা হৈছে। চৰাইদেউ জিলা প্ৰশাসন আৰু ৰাষ্ট্ৰীয় তথ্য বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি আয়ুক্তৰ কাৰ্যালয়ত এই উপলক্ষে এখন কৰ্মশালাৰ আয়োজন কৰা হয়। প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত জিলা তথ্য বিষয়া প্রমোদ কুমাৰ নাথ আৰু চৰাইদেউ আৰক্ষীৰ চাইবাৰ কোষৰ কৰ্মী মানস হাতীবৰুৱাই সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ইণ্টাৰনেট সেৱা, চাইবাৰ সুৰক্ষা আৰ...