February 20, 2025 9:10 PM

views 52

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ কৰিবলগীয়া দৃষ্টিপাতত টেলিভিছনৰ ধাৰাবাহিকৰ একাংশ অভিনেতা-অভিনেত্ৰী, পৰিচালক আৰু কলা-কুশলীৰ সৈতে মত বিনিময়ৰ এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ।

February 20, 2025 9:08 PM

views 59

মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিৰ খণ্ড সমল কেন্দ্ৰত ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ

মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিত থকা খণ্ড সমল কেন্দ্ৰত আজি ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁৱৰ অতিৰিক্ত শিক্ষা আয়ুক্ত অনুসূয়া শৰ্মাই এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মৰিগাঁও জিল...

February 20, 2025 9:05 PM

views 34

গোৱালপাৰাৰ বৰজুলিত আৰক্ষীৰ অভিযানত নিচাযুক্ত সামগ্ৰী জব্দ

গোৱালপাৰা জিলাৰ মৰনৈ থানাৰ অন্তৰ্গত বৰজুলিত আজি আৰক্ষীয়ে অভিযান চলাই নিচাযুক্ত সামগ্ৰী জব্দ কৰে। অভিযানত আৰক্ষীয়ে নিষিদ্ধ কফ ছিৰাপৰ বটলসহ দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটক কৰা দুয়োজনক জেৰা অব্যাহত ৰাখিছে।

February 20, 2025 9:04 PM

views 47

ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন

বিশিষ্ট কথাশিল্পী, চলচ্চিত্র নির্মাতা, নাট্যকাৰ, পৰিচালক ড° ভবেন্দ্ৰনাথ শ‍ইকীয়াৰ ওপজা দিন উপলক্ষে আজি কথাশিল্পীগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হয়। সুক্ষ্ম অনুভূতি সম্পন্ন ৰচনাৰে পঢ়ুৱৈৰ চেতনাক স্পন্দিত কৰা শ‍ইকীয়াই কবিতা, নাটক, গল্প, উপন্যাস, প্রবন্ধ, সমালোচনা, শিশু সাহি...

February 20, 2025 9:00 PM

views 57

অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে

অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ এই ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি ৫০ টকা পৰ্যন্ত ষ্টাম্পত অতিৰিক্ত দহ টকা, ৯৯ টকা পৰ্যন্ত ১৫, ৯৯ৰ পৰা ৪৯৯ টকা পৰ্...

February 20, 2025 8:58 PM

views 63

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধীনৰ লামডিং-ডিব্ৰুগড় সংযোগী ৰেলপথৰ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু শিমলুগুৰি ডিব্ৰুগড় খণ্ডৰ ৰেলৱে বৈদ্যুতিকৰণ প্ৰকল্পৰ কাম দ্ৰুত গতিত আগবাঢ়িছে। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই কথা প্ৰকাশ কৰিছে। যোৱা ৩১ জানুৱাৰীত মৰি...

February 20, 2025 8:57 PM

views 68

সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক ৰূপহীহাটত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে

ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেওঁৰ দেহৰক্ষীক আজি নগাঁৱৰ ৰূপহীহাটত এখন দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা অৱস্থাত একাংশ দুৰ্বৃত্তই শাৰিৰীকভাৱে অপদস্থ কৰে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰিবলগীয়া হয়। আক্ৰমণৰ ঘটনাৰ পাছতে সাংসদজনৰ নিৰাপত্তা বৃদ্ধি কৰা হ'ব বুলি মুখ্যমন্ত্রী ড০ ...

February 20, 2025 8:52 PM

views 65

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলন...

February 20, 2025 8:29 PM

views 90

মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বাঢ়ি অহা মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব৷ বিধায়ক মৃনাল শ‍ইকীয়াই ৰাজ্যত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি স্বাস্থ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ পাছত স্বাস্থ্য...

February 20, 2025 8:24 PM

views 51

ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতিঃ ৰাজ্যিক উদ্যোগ মন্ত্ৰী শোভা কাৰাণ্ডোলাজ

মিজোৰামত কেন্দ্ৰীয় ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ ৰাজ্যিক মন্ত্রী শোভা কাৰাণ্ডোলাজে কয়, যে ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম আৰু দ্ৰুত গতিত বৃদ্ধি পোৱা অৰ্থনীতি। আজি বিয়লি আইজলত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বিগত ১০ বছৰত দেখা পোৱা সুশাসনৰ বাবেই দেশৰ অর্থনীতি দ্রুত গতি...