মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিত থকা খণ্ড সমল কেন্দ্ৰত আজি ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ কৰা হয়। মৰিগাঁৱৰ অতিৰিক্ত শিক্ষা আয়ুক্ত অনুসূয়া শৰ্মাই এই বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মৰিগাঁও জিলা আঁচনি বিষয়া লক্ষ্মীনন্দন শইকীয়াকে ধৰি বহুকেইজন সমল ব্যক্তি উপস্থিত থাকে।
Assamese | February 20, 2025 9:08 PM | Akashvani | Akashvani Guwahati | Local news | Marigaon
মৰিগাঁৱৰ কপিলী শিক্ষাখণ্ডৰ জালুগুটিৰ খণ্ড সমল কেন্দ্ৰত ১০৮ গৰাকী দিব্যাংগ শিশুৰ মাজত হুইলচেয়াৰৰ লগতে আন সঁজুলি বিতৰণ