অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ এই ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে। ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এটা বিবৃতিযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই অনুসৰি ৫০ টকা পৰ্যন্ত ষ্টাম্পত অতিৰিক্ত দহ টকা, ৯৯ টকা পৰ্যন্ত ১৫, ৯৯ৰ পৰা ৪৯৯ টকা পৰ্যন্ত ২০ আৰু ৪৯৯ৰ পৰা এহেজাৰ টকা পৰ্যন্ত ষ্টাম্পত ৩০ টকাকৈ মাছুল দিব লাগিব। একেদৰে ১ হাজাৰৰ পৰা ৯,৯৯৯ টকালৈ ৫০ টকা আৰু ৯,৯৯৯ টকাতকৈ অধিক মূল্যৰ ষ্টাম্পত ১০০ টকাকৈ আদায় দিব লাগিব বুলি বিবৃতিটোত কোৱা হৈছে।
Assamese | February 20, 2025 9:00 PM | Akashvani Guwahati | Assam Govt
অসম চৰকাৰে ই-ষ্টাম্পসমূহত আৰোপ কৰা সেৱাকৰ আৰু জি এছ টিসহ ষ্টাম্পসমূহ স্বীকৃত কেন্দ্ৰৰ পৰাহে ক্ৰয় কৰিবলৈ আহ্বান জনাইছে