February 23, 2025 7:09 PM

views 66

বৰপেটা জিলাৰ সৰ্থেবাৰীত দুচকীয়া বাহন আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত পিতা-পুত্ৰৰ মৃত্যু

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অধীনৰ কামাৰপাৰাত আজি এখন দুচকীয়া বাহন আৰু কয়লা কঢ়িওৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাত এহাল পিতা-পুত্ৰৰ থিতাতে মৃত্যু হয়। এই ঘটনাত পথৰ কাষত ৰৈ থকা অৱস্থাত এগৰাকী কিশোৰীসহ দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়। আহত দুয়োগৰাকীক বৰপেটাৰ ফখৰুদ্দিন আলী আহমদ চিকি...

February 23, 2025 7:00 PM

views 54

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠান

দৰং জিলাৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান জিপছী গিল্ডৰ উদ্যোগত গল্প নাটৰ বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানৰ অংশ হিচাপে আজি গিল্ডৰ ৰংগশালাত অপু ভৰদ্বাজ ৰচিত মূল গল্প যা, গৈ আছোৰ আধাৰত ৰচিত এখন নাট মঞ্চস্থ কৰা হ'ব। লগতে কবি, সাহিত্যিক জীৱনানন্দ দাসৰ ১২৫ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি কবিগৰাকীৰ অপ...

February 23, 2025 6:55 PM

views 38

ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যু

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা সাহিত্য একাডেমী বঁটা বিজয়ী ড০ নগেন শ‍ইকীয়াৰ পত্নী লাৱণ্য শ‍ইকীয়াৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮২ বছৰ। ডিব্ৰুগড়ৰ সৰবৰহী মহিলা লাৱণ্য শ‍ইকীয়াৰ মৃত্যুত বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে শোক ...

February 23, 2025 6:52 PM

views 83

গুৱাহাটীৰ সৰুসজাইত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা

গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ঝুমুৰ নৃত্যৰ সৰ্ববৃহৎ অনুষ্ঠান ঝুমইৰ বিনন্দিনীৰ অন্তিম আখৰা আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেইবাগৰাকী মন্ত্ৰীয়ে আজিৰ অন্তিম আখৰাত উপস্থিত থাকে। এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ অংশ হিচাপে ৰাজ্য চৰকাৰে ...

February 23, 2025 6:47 PM

views 61

ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

দিশপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে এডভান্টেজ আচাম দ্বিতীয় সংস্কৰণৰ সময়ত বুজাবুজিৰ চুক্তি অনুমোদন, ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ সৱলীকৰণ, চিকিৎসা বৃত্তিধাৰীৰ ব...

February 23, 2025 6:43 PM

views 74

দেশৰ স্বাধীনতা আন্দোলন তথা সংবিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো মাতৃ শক্তিৰ ভূমিকাৰ কথা মন কী বাতত প্ৰধানমন্ত্ৰীৰ উল্লেখ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানত ৮ মাৰ্চৰ আন্তৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰসংগ উল্লেখ কৰি এই দিনটো নাৰী শক্তিক প্রণাম জনোৱাৰ এটা বিশেষ দিন বুলি মন্তব্য কৰে। ভাৰতীয় সংস্কৃতিত কন্যা সন্তানক সন্মান জনোৱাটো অন্যতম পৰম্পৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমোদীয়ে কয়, যে দেশৰ স্বাধীনতা আন্দোলনত মা...

February 23, 2025 6:39 PM

views 90

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ভাৰতৰ অগ্ৰগতিক বিশ্বই ভূয়সী প্রশংসা কৰে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত প্ৰকাশ কৰে। কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি শ্রীমোদীয়ে কয়, যে ভাৰতৰ জনসাধাৰণ নতুন প্রযুক্তি গ্ৰহণ আৰু...

February 23, 2025 12:26 PM

views 80

মেদবহুলতা সমস্যা ৰোধ কৰিবলৈ খাদ্যাভাসত পৰিৱৰ্তন আনিবলৈ জনসাধাৰণৰ প্ৰতি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ ১১ বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰে। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ভাৰতে এক সুকীয়া পৰিচয় গঢ়িবলৈ সমৰ্থ হৈছে। আজিৰ মন কী বাত অনুষ্ঠানত দেশবাসীক প্ৰশংস...

February 23, 2025 12:14 PM

views 45

অসমৰ হৃদয় হাজৰিকাৰ বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ

হৃদয় হাজৰিকাই অহা এপ্ৰিলত আর্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছ আৰু পেৰুৰ লীমাত হ'বলগীয়া বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। ভাৰতীয় ৰাইফল সংস্থাই ঘোষণা কৰা এয়াৰ ৰাইফল দলত হৃদয়ৰ উপৰি ৰুদ্ৰাক্ষ পাটিল, অর্জুন বাবুতা, আর্য ববছে, নর্মদা নীতিন আৰু সোনম মাস্কাৰ আছে। মনু ভাকেৰ পেৰিছ ...

February 23, 2025 12:09 PM

views 38

আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাত ইংলেণ্ডক ৫ উইকেটক পৰাস্ত কৰে অষ্ট্ৰেলিয়াই

অষ্ট্ৰেলিয়াই যোৱা নিশা পাকিস্তানৰ লাহোৰৰ গড্ডাফি স্টেডিয়ামত অনুষ্ঠিত আই চি চি চেম্পিয়নছ ট্ৰফী ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ বিৰ এখন খেলত ইংলেণ্ডক ৫ উইকেটক পৰাস্ত কৰে। ৩৫২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি অষ্ট্ৰেলিয়াই ১৩৬ বানত ৪ টাকৈ হেৰুৱায়। ইয়াৰ পাছত এলেক্স কেৰিয়ে যোশ ইংগ্লিছৰ সৈতে দলক এই বিপর...