February 23, 2025 12:14 PM | World Shooting Champions

printer

অসমৰ হৃদয় হাজৰিকাৰ বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ

হৃদয় হাজৰিকাই অহা এপ্ৰিলত আর্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছ আৰু পেৰুৰ লীমাত হ’বলগীয়া বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। ভাৰতীয় ৰাইফল সংস্থাই ঘোষণা কৰা এয়াৰ ৰাইফল দলত হৃদয়ৰ উপৰি ৰুদ্ৰাক্ষ পাটিল, অর্জুন বাবুতা, আর্য ববছে, নর্মদা নীতিন আৰু সোনম মাস্কাৰ আছে। মনু ভাকেৰ পেৰিছ অলিম্পিকৰ সাফল্যৰ পিছত দললৈ উভতিছে। খেলুৱৈগৰাকীয়ে এয়াৰ পিষ্টল আৰু ২৫ মিটাৰ স্পোর্টছ পিষ্টল শাখাত ভাগ ল’ব।