দিশপুৰত আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকে এডভান্টেজ আচাম দ্বিতীয় সংস্কৰণৰ সময়ত বুজাবুজিৰ চুক্তি অনুমোদন, ৰাজ্যৰ বস্ত্ৰ উদ্যোগৰ সৱলীকৰণ, চিকিৎসা বৃত্তিধাৰীৰ বাবে দি এ চি পি আঁচনি আদিকে ধৰি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এডভান্টেজ আছাম দ্বিতীয সংস্কৰণৰ বাবে ৰাজ্যত ১ লাখ ২২ হাজাৰ কোটি টকাৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিবলৈ বৈঠকত অনুমোদন জনোৱা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলযোগে এই কথা প্রকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ৪ টা পৰ্যায়ত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ’ব। মন্ত্ৰীসভাৰ বৈঠকত মুঠ ২১৪ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিবলৈ অনুমোদন জনোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, যে ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ আন্তগাথনি উন্নয়নৰ বাবে মন্ত্ৰীসভাৰ বৈঠকত ৫৫ কোটি টকাৰ অনুমোদন জনোৱা হয়। ডিব্ৰুগড়ৰ আমোলাপট্টিৰ উৰণ সেঁতুৰ নিৰ্মাণৰ বাবে ১৫৭ কোটি টকা অনুমোদন জনোৱা হয় বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | February 23, 2025 6:47 PM | Assam Government
ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ