February 23, 2025 12:04 PM

views 47

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে মহা শিৱৰাত্ৰি পূজা আৰু মেলা

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহা শিৱৰাত্ৰি পূজা আৰু মেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। জিলা প্ৰশাসনে এই পূজা আৰু মেলা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো প্রস্তুতি প্রায় সম্পূর্ণ কৰিছে। অগণন লোকৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত শিৱৰাত্ৰি উদযাপন সমিতিয়ে চি চি টিভি কেমেৰ...

February 23, 2025 11:59 AM

views 36

ধুবুৰী জিলাত পৃথক পৃথক দুটা দুর্ঘটনাত এটি শিশুৰ লগতে এজন ছাত্ৰৰ মৃত্যু

ধুবুৰী জিলাত কালি পৃথক পৃথক দুটা দুর্ঘটনাত এটি শিশুৰ লগতে এজন ছাত্ৰৰ মৃত্যু হয়। বিলাসীপাৰাৰ হাতীপোতা দ্বিতীয় খণ্ডত এখন অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত এটি শিশুৰ থিতাতে মৃত্যু হয়। ইপিনে বিলাসীপাৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় সূৰ্যখাটাত ট্রাক আৰু মটৰচাইকেলৰ মাজৰ সংঘৰ্ষত এজন ছাত্ৰই প্ৰাণ হেৰুৱায় ৷ আৰক্...

February 23, 2025 11:57 AM

views 91

প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কৰ পৰা কৃষি বিভাগৰ সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা

ৰাজ্যৰ কৃষি বিভাগে তৃতীয়বাৰৰ বাবে প্ৰতি কুইণ্টলত ৫,৯৫০ টকাৰ ন্যূনতম সমর্থন মূল্যত খেতিয়কসকলৰ পৰা সৰিয়হ ক্ৰয়ৰ ব্যৱস্থা কৰিছে। অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদ, অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড আৰু অসম ৰাজ্যিক পন্যাগাৰ নিগমৰ জৰিয়তে সৰিয়হ ক্ৰয় কৰা হ'ব। কৃষি বিভাগে অহা ২৫ ফেব্ৰুৱাৰীৰ ...

February 23, 2025 12:29 PM

views 23

ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অবৈধ উপায়েৰে সহায়ৰ নামত ধন লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়-ইউ এছ টি এমৰ স্বত্বাধিকাৰী মহবুবুল হককে ধৰি ৬ জন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। অসম আৰক্ষীয়ে কৰিমগঞ্জ সদৰ থানাত জেৰাৰ অন্তত কালি বিয়লি অভিযুক্ত হকক ন্যায...

February 23, 2025 11:50 AM

views 48

শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই অভিহিত কৰিছে

ৰাজ্যপাল লক্ষ্মন প্রসাদ আচাৰ্য্যই শিক্ষাক যিকোনো সমাজৰ মেৰুদণ্ড বুলি অভিহিত কৰিছে। ৰাজভৱনৰ উদ্যোগত আৰু উচ্চ শিক্ষা বিভাগৰ সহযোগত কালি গুৱাহাটীৰ অসম প্রশাসনিয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এখন সন্মিলনত অংশগ্ৰহণ কৰি ৰাজ্যপালগৰাকীয়ে এইদৰে কয়। তেওঁ কয়, যে বিশেষকৈ উচ্চ শিক্ষাই কোনো এখন দেশৰ আধ্যাত্...

February 23, 2025 11:36 AM

views 95

প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমত বৰ্তমানলৈকে ৬০ কোটি ৭৪ লাখৰো অধিক ভক্তৰ পৱিত্ৰ স্নান

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ মহাকুম্ভৰ ত্ৰিবেণী সংগমত বৰ্তমানলৈকে ৬০ কোটি ৭৪ লাখৰো অধিক ভক্তই পৱিত্ৰ স্নান সম্পন্ন কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্তই প্রতিদিনে এই উৎসৱত অংশ লৈছে। আমাৰ সংবাদদাতাই জনাইছে যে, কালি সংগমত প্রায় ১ কোটি ৪৩ লাখ লোকে পৱিত্ৰ স্নান কৰে।

February 23, 2025 11:33 AM

views 39

দিল্লীৰ নৱগঠিত অষ্টম বিধানসভাৰ প্ৰথমখন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ

দিল্লীৰ নৱগঠিত অষ্টম বিধানসভাৰ প্ৰথমখন অধিৱেশন সোমবাৰৰ পৰা আৰম্ভ হ'ব। অধিৱেশনৰ প্ৰথম দিনটোত নৱ নির্বাচিত সদস্যসকলে শপত গ্ৰহণ কৰিব বুলি দিল্লী বিধানসভাই জাননী যোগে প্ৰকাশ কৰিছে। কাইলৈ বিধানসভাৰ অধ্যক্ষও নিৰ্বাচন কৰা হ'ব। অধিৱেশনৰ দ্বিতীয় দিনা দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনাই সদনক উদ্দেশ্য ক...

February 23, 2025 11:29 AM

views 47

মণিপুৰৰ চুৰাচন্দপুৰ জিলাত জমি আৰু কুকী সম্প্রদায়ৰ ১৬ বিধ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীৰ হাতত সমৰ্পণ

মণিপুৰৰ চুৰাচন্দপুৰ জিলাত জমি আৰু কুকী সম্প্রদায়ে ১৬ বিধ অস্ত্ৰ-শস্ত্ৰ নিৰাপত্তাৰক্ষীৰ হাতত স্বেচ্ছায়ে সমৰ্পণ কৰে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লাই যোৱা বৃহস্পতিবাৰে ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ লোকক আৰক্ষীৰ পৰা কাঢ়ি নিয়া আৰু অবৈধভাৱে নিজৰ লগত ৰখা অস্ত্ৰ-শস্ত্ৰসমূহ সাত দিনৰ ভিতৰত আৰক্ষীক জমা দিব...

February 23, 2025 11:24 AM

views 58

জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ আহ্বান কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ

কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ বাবে আহ্বান জনাইছে। ড০ সিঙে কয়, যে এনে সমন্বয়ৰ বাবে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎ‍সালয়ে সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে চৰকাৰে দেশৰ দুৰ্গম...

February 23, 2025 11:17 AM

views 58

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ প্ৰকাশ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত মাহৰ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণক সফল বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত সু-সম্পর্ক থকা বুলি ড০ জয়শংকৰে প্ৰকাশ কৰে। চৰকাৰী ভ্ৰমণসূচীৰে যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ...