অষ্ট্ৰেলিয়ান অ’পেন টেনিছ প্রতিযোগিতাৰ ১১ নম্বৰ বাছনিৰ খেলুৱৈ পাউলা বাদ’ছাই আজি বিশ্বৰ তৃতীয় বাছনিৰ খেলুৱৈ ক’ক’ গোফক ৭-৫, ৬-৪ ছেটত পৰাজিত কৰি মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ৰ’ড লেভাৰ এৰেনাত অনুষ্ঠিত এই খেলখনত বাদুছাই গোফক এঘণ্টা ৪৩ মিনিটৰ সময়ছোৱাত পৰাজিত কৰে। পুৰুষৰ ছিংগলছত বিশ্বৰ দ্বিতীয় বাছনিৰ খেলুৱৈ জাৰ্মানীৰ আলেকজেণ্ডাৰ জেভেৰেভে আমেৰিকাৰ টমি প’ল’ক ৭-৬, ৭-৬, ২-৬, ৬-১ ছেটত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷ ইপিনে, মেলব’র্ণত অনুষ্ঠিত এখন খেলত ভাৰত-চীনৰ যুটি ৰোহন বোপান্না আৰু ঝেং শ্ৱুৱায়ে ৬-২, ৪-৬, ৯-১১ ছেটত অষ্ট্ৰেলিয়াৰ জন পীয়েৰ্ছ আৰু অলিভিয়া গেদেকীৰ হাতত পৰাস্ত হয়।
Assamese | January 21, 2025 9:14 PM | Australian Open Tennis Badosa dispatches Gauff to make maiden Grand Slam semifinal
অষ্ট্ৰেলিয়ান অ’পেন টেনিছ প্রতিযোগিতাত মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত পাউলা বাদ’ছাই