ডিজিটেল মাধ্যমে শিশুসকলৰ ওপৰত বিস্তাৰ কৰা প্ৰভাৱ আৰু ইয়াৰ সমাধান সন্দৰ্ভত কালি অসম আৰক্ষীৰ উদ্যোগত গুৱাহাটীত এখন আলোচনাচক্র অনুষ্ঠিত হয়। ‘ইনফেনছিয়া’ শীৰ্ষক শিশু অধিকাৰ সম্পৰ্কীয় দেশৰ প্ৰথমখন আলোচনাচক্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিং আৰু বলিউদৰ অভিনেত্রী নেহা ধুপীয়াৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। এই আলোচনাত ডিজিটেল মাধ্যমসমূহত শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে অনলাইন মাধ্যমে শিশুৰ ওপৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত আলোচনা কৰা হয় ৷ অনুষ্ঠানত আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে শিশুৰ অধিকাৰ সুৰক্ষিত কৰাৰ বিষয়টো গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বুলি উল্লেখ কৰে। তেওঁ কয়, যে সামাজিক মাধ্যম, সংবাদ মাধ্যমকে ধৰি ডিজিটেল ক্ষেত্ৰত ঘটি থকা ঘটনাসমূহৰ বিষয়ে পিতৃ-মাতৃ, অভিভাৱক আৰু শিক্ষক সমাজ অৱগত হৈ শিশুসকলক সুৰক্ষা দিব লাগিব। কোভিডৰ প্রাদুর্ভাবৰ পাছৰে পৰা শিশুৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰৰ বিষয়টোৱে ক্ৰমাৎ সমস্যাৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে।
Assamese | April 8, 2025 12:25 PM | Infentia
অসম আৰক্ষীৰ উদ্যোগত শিশু অধিকাৰ সম্পৰ্কীয় দেশৰ প্ৰথমখন আলোচনাচক্ৰ